নিয়মীয়া বাৰ্তা ২৭ জুনঃ সমগ্ৰ বিশ্বতে ২৭ জুনৰ দিনটো MSME দিৱস হিচাপে উদযাপন কৰা হয় । এইবাৰ ২৭ জুনৰ দিনটো বেংকিং খণ্ডৰ বাবে বন্ধৰ দিন হোৱাৰ পৰিপ্ৰেক্ষিতত এদিন আগতেই শুকুৰবাৰে ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাত এই দিৱস উদযাপন কৰা হয় । ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় ব্যৱসায় কাৰ্যালয়ৰ উদ্যোগত ৰূপায়িত হোৱা এই কাৰ্যসূচীৰ অংশৰূপে এখনি বিশেষ সভাও অনুষ্ঠিত হয় । ক্ষেত্ৰীয় প্ৰৱন্ধক ৰঞ্জিত কুমাৰ দত্ত উপস্থিত থকা এই সভাখনত নগাঁও চহৰৰ আটাইকেইটা শাখাৰ কৰ্মচাৰী সকলৰ লগতে বহু কেইগৰাকী ব্যৱসায়ীয়েও ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে । এই আলোচনাত MSME ছেক্টৰৰ সা-সুবিধা,সমস্যা আদি সম্পৰ্কে আলোচনা কৰাৰ লগতে বিশ্ব অৰ্থনীতিৰ সংকটৰ সৈতে কেনেদৰে সাহসেৰে সন্মুখীন হ’ব পাৰি সেই সম্পৰ্কেও আলোকপাত কৰা হয় ।