নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীয়ে পাচিঘাটত পৰিদৰ্শন কৰিলে ক’ৰোনা প্ৰতিৰোধী ব্যৱস্থাপনা

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ক’ৰোনা মহামাৰীৰ সংক্ৰমণৰ হাৰ কম হ’লেও ক’ৰনা প্ৰতিৰোধৰ স্বাৰ্থত অধিক তৎপৰ হৈ পৰে ৰাজ্য চৰকাৰ ।

ৰাজ্যখনত ক’ৰনাই যাতে গণ সংক্ৰমণৰ ৰূপ ল’ব নোৱাৰে তাৰ প্ৰতি যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে অৰুণাচল প্ৰদেশৰ স্বাস্থ্যবিভাগে । শুকুৰবাৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আল’ লিবাং আৰু পূৱ অৰুণাচলৰ সাংসদ তাপিৰ গাৱে পাচিঘাটত উপস্থিত হৈ ক’ৰনা প্ৰতিৰোধী ব্যৱস্থাপনাৰ বুজ লয় । দোয়ো মন্ত্ৰী সাংসদে পাচিঘাটৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে । পাচিঘাটৰ হৰ্টিকালচাৰ এণ্ড ফৰেষ্ট্ৰী কলেজৰ সভাগৃহত হোৱা এখন গুৰুত্বপূৰ্ণ সভাত দোয়োজন নেতাকে সংগ দিয়ে বিধায়ক ক্ৰমে
নিনং ইৰিং,কালিং মৌয়োং আৰু লম্ব’ তৌয়ঙে । পূৱ চিয়াং জিলাৰ উপায়ুক্ত ডাঃ কিন্নী সিং, আৰক্ষী অধিক্ষক ৰাজীৱ ৰঞ্জন সিং আৰু জিলা স্বাস্থ্য বিষয়া ডাঃ কালিং দাইৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে বৈঠকত ক’ৰোনা প্ৰতিৰোধৰ ব্যৱস্থাপনাৰ ওপৰত আলোচনা কৰে । সাংসদ তাপিৰ গাৱে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ৰনা প্ৰতিৰোধী সংগ্ৰামখনত জঁপিয়াই পৰা প্ৰতিজন ব্যক্তিকে ক’ৰনা যোদ্ধা হিচাপে অভিহিত কৰে ।

তাৰোপৰি ক’ৰনা প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা চৰকাৰৰ হাতত ইতিমধ্যে মজুত আছে বুলি বক্তব্য কৰে স্বাস্থ্যমন্ত্ৰী আল’ লিবাঙে ।

You might also like