লকডাউনৰ মাজতে মৰিগাঁও জিলাত অবৈধ সুৰাৰ ব্যৱসায়, এজনক গ্ৰেপ্তাৰ
নিয়মীয়া বার্তা, ২৭ জুনঃ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হাবি বৰঙাবাৰী গাঁওৰ পোনা নাথ নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই ৪ কাৰ্টন অবৈধ বিলাতী সুৰা আৰু বিয়েৰ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য, আৰক্ষীৰ জেৰাত ধৃত নাথে মৰিগাঁও নগৰৰ এগৰাকী ব্যক্তিৰ মালিকানাধীন সুৰা বিপণীৰ পৰা গোপনে এনেদৰে সুৰা সংগ্ৰহ কৰি অবৈধ ব্যৱসায় চলাই থকা বুলি স্বীকাৰোক্তি দিয়ে বুলি জানিব পৰা গৈছে। উল্লেখ্য, মৰিগাঁও নগৰৰ একাংশ সুৰা বিপণীৰ স্বত্বাধিকাৰীয়ে এইদৰে প্ৰশাসনৰ অলক্ষিতে আবকাৰী বিভাগৰ একাংশৰ সৈতে গোপন বুজাবুজিৰে বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলাই আহিছে দীৰ্ঘ দিন ধৰি।
আনহাতে এনে অবৈধ সুৰাৰ ব্যাপক প্ৰচলনৰ ফলত মৰিগাঁও জিলাৰ গ্ৰামাঞ্চলত নতুন প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ সময়তে মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই যোগদান কৰাৰ দিন ধৰি ড্ৰাগছ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা কেইবাটাও সফল অভিযানৰ বাবে ৰাইজে কৃতজ্ঞতা জনাইছে।