নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত দেউৰী পৰিষদীয় সমষ্টিৰ সদস্য হেমন্ত দেউৰীৰ ৩৪০ টা বানদুৰ্গত পৰিয়ালক বান সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা: ২৯ জুনঃ ধেমাজি জিলা জোনাই মহকুমাত যোৱা দুসপ্তাহৰো অধিক দিন ধৰি বানত বিধ্বস্ত অঞ্চলৰ ৩৪০ টা বানদুৰ্গত পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ সদস্য হেমন্ত দেউৰীয়ে৷

জোনাই ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰোহিত পুৰ দেউৰী গাওঁ, লোহিজান, হৰিপুৰ, ১ নং ৰাংকপ, ২ নং ৰাংকপ, বিজয়পুৰ, বৰং এৰাসুতি, জামজিং, লাইমেকুৰী, জেলম, চিৰুং বিভিন্ন বান বিধ্বস্ত অঞ্চলৰ ৩৪০ টা বানদুৰ্গত পৰিয়ালত চাউল, দাইল আৰু ট্ৰিপাল বিতৰণ আদি বিতৰণ কৰে |

উল্লেখ্য যে ১০ নং দেউৰী পৰিষদীয়ৰ সমষ্টিৰ সাধাৰণ সদস্য হেমন্ত দেউৰীয়ে জোনাইত যোৱা ২৪ তাৰিখে সন্ধিয়া ৭.৩০ বজাত জোনাই নদীত সংঘটিত হোৱা এক নাও দুৰ্ঘটনাত ৭ জন লোক কথমপি প্ৰাণ ৰক্ষা হোৱাৰ লগতে চিলাপথাৰৰ বৰমূৰীয়া দেউৰী গাঁৱৰ এগৰাকী ১২ বছৰীয়া ৰশ্মি দেউৰী নামৰ কিশোৰী গৰাকী নিখোজ হৈ হোৱা দিনৰ পৰা মৃতদেহ উদ্ধাৰ হোৱালৈকে ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত উদ্ধাৰ কাৰ্য্যত সহযোগিতা আগবঢ়াই ৷

You might also like