১ জুলাইৰ পৰা ৰাজ্যিক কর্মচাৰীৰ জুনৰ দৰমহা, বিল পাছৰ নির্দেশ বিত্ত বিভাগৰ
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ অহা ১ জুলাইতে ৰাজ্যিক কর্মচাৰীসকলে জুন মাহৰ দৰমহা লাভ কৰিব৷ পূর্বৰ মাহসমূহৰ দৰে এইবাৰো চৰকাৰে কর্মচাৰীসকলক সম্পূর্ণ দৰমহা–পেন্সন আদায় দিব৷ বিত্ত (বাজেট) বিভাগে এই সম্পর্কত সকলো কোষাগাৰলৈ আজি এক তাঁৰবার্তাযোগে (নং বি বি ১৮৯/২০১৬/১৩৭) কোষাগাৰৰ বিষয়াসকলক ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰৰ জুন মাহৰ দৰমহা–পেন্সনৰ বিল আদি অহা ১ জুলাইৰ পৰা পাছ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ইয়াৰ লগে লগে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলে অহা ১ জুলাইৰ পৰা জুন মাহৰ দৰমহা আৰু পেন্সন লাভ কৰাটো নিশ্চিত হৈ পৰিল৷