মহানগৰ বাৰ্তা, ২৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ গণসংক্ৰমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত দেওবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা তলাবন্ধৰ প্রথমটো দিনতে নাৰেংগীত আৰক্ষী আৰু দুগ্ধ ব্যৱসায়ীৰ মাজত তীব্র সংঘাতৰ সৃষ্টি হয়|
কঠোৰ তলাবন্ধৰ মাজতে জিলা প্রশাসনৰ অনুমতি পত্ৰ অবিহনে দুগ্ধ ব্যৱসায়ী সকলক গাখীৰ কঢ়িওৱাত আৰক্ষীয়ে বাধা আৰোপ কৰাত নাৰেংগীৰ ফৰেষ্ট গেটত পুৱা ক্ষুব্ধ ব্যৱসায়ীসকলে প্রতিবাদ সাব্যস্ত কৰে| তদুপৰি আৰক্ষীয়ে ব্যৱয়ায়ী সকলক পথৰ ওপৰত নিৰ্মাণ কৰা বেৰিকেট অতিক্ৰম কৰিবলৈ বাধা আৰোপ কৰাত সমৱেত ব্যৱসায়ীসকলে ৰাজপথত শ শ লিটাৰ গাখীৰ পেলাই আৰক্ষী-প্রশাসনৰ বিৰুদ্ধে ক্ষোভ উজেৰে|
নাৰেংগীকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গাখীৰ বিতৰণ কৰিবলৈ চন্দ্রপুৰ দিশৰ পৰা অহা ব্যৱসায়ীসকলে কঢ়িয়াই অনা শ শ লিটাৰ গাখীৰ ঢালি প্রতিবাদ সাব্যস্ত কৰাত ৰাজপথত গাখীৰৰ ধল বৈ যোৱা পৰিলক্ষিত হয়| উল্লেখ্য যে অত্যবশ্যকীয় সামগ্রী কঢ়িওৱাৰ নামত ইতিপূৰ্বে বহু লোকে লকডাউনৰ নীতি উলংঘা কৰি মহানগৰবাসীলৈ অশনি সংকেত কঢ়িয়াই আহিছে|