ডিঙি কাটি ঘাতকে লৈ গ’ল মহিলাৰ মুণ্ড, কোকৰাঝাৰত চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ কোকৰাঝাৰ জিলাৰ তাৰংগুৰি সূতাৰপাৰাত নিজ গৃহতে এগৰাকী বিবাহিতা মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘাতকে চোকা অস্ত্রৰে ঘপিয়াই মুণ্ড ছিন্ন কৰি মুণ্ডটো ঘাতকেই লৈ যায় বুলি সন্দেহ কৰা হৈছে৷ ঘাতকৰ নৃশংসতাৰ বলি হোৱা মহিলাগৰাকী হ’ল ছাতিৰাম বসুমতাৰীৰ দ্বিতীয় পত্নী বিমলা বসুমতাৰী (৪৫)৷
সূতাৰপাৰা গাঁৱৰ গাঁওবুঢ়া চন্দ্রকান্ত বসুমতাৰীয়ে সদৰী কৰা মতেপুৱা পথাৰলৈ ধান ৰুবলৈ যাওঁতে একাংশ ৰোৱনীয়ে প্রথমে ঘৰৰ বাৰাণ্ডাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্রত্যক্ষ কৰে৷ ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে চিৎকাৰ কৰি উঠে আৰু গাঁওবাসীক খবৰ দিয়ে৷ তাৰ পিছত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিমলা বসুমতাৰীৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰে৷
ঘটনা সন্দর্ভত আৰক্ষীয়ে সন্দেহবশত মৃত বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে অদ্যাপি বিমলা বসুমতাৰীৰ মূৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনা সন্দর্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি ইতিমধ্যে হত্যাকাণ্ড সন্দর্ভত কেইবাটাও ক্লু উদ্ধাৰ কৰা হৈছে আৰু অচিৰেই হত্যাকাৰী ধৰা পৰিব বুলি মন্তব্য কৰিছে৷