জোনাইত হোম কোৱাৰেন্টাইনত থকা এজন ক’ভিড-১৯ত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ২৯জুনঃ জোনাইত হোম কোৱাৰেন্টাইনত থকা এজনৰ দেহত পুনৰ কভিড-১৯ পজিটিভ ৷ জোনাই মহকুমাৰ লুহিজান মাজগাঁৱত হোম কুৱাৰেন্টাইনত থকা সুৰভি কোঁৱৰ(২৩) পিতা ৰাকেশ কোঁৱৰ এগৰাকী যুৱতীৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ৷
উল্লেখ্য যে ক’ৰোনা আক্ৰান্ত যুৱতীগৰাকী আহিছিল যোৱা ২৪ জুনত মুম্বাইৰ পৰা আহি হোম কোৱাৰেন্টাইন হৈ আছিল ৷ জোনাইত হোম কোৱাৰেন্টাইন ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা ঘটনাটোক লৈ জোনাইত চাঞ্চল্য বিৰাজ কৰাৰ বিপৰীতে আতংকিত হৈ পৰিছে প্ৰতিবেশী।
উল্লেখ্য যে জোনাই চৰকাৰী শিবিৰত সমূহত ২২ মেৰ পৰা বহি:ৰাজ্য পৰা অহা মুঠ ৭৯১ লোকৰ ভিতৰত ৭৬২ জনৰ swab পৰীক্ষা কভিড-১৯ নেগটিভ পোৱাত নিজ নিজ ঘৰত উভতি যায়৷ বৰ্তমান জোনাইৰ চৰকাৰী শিবিৰত ২৯ জন আছে বুলি জানিব দিছে মহকুমা স্বাস্থ্য বিষয়া ডা˚ কিশোৰ কামানে৷
আনহাতে জোনাইত মহকুমাত মুঠ ক’ৰোনা আক্ৰান্ত সংখ্যা ৫০ জনৰ ভিতৰত কোৱাৰেন্টাইন শিবিৰ ৪০ জন আৰু হোম কোৱাৰেন্টাইনৰ ১০ গৰাকী ৷ বৰ্তমানলৈকে ধেমাজি জিলাত ক’ৰোনা আক্ৰান্ত সংখ্যা ১৬৪ জন ইয়াৰে ১১৫ জন সুস্থ হৈ ঘৰলৈ উভতিছে জানিব পৰা গৈছে৷ আজিৰ কভিড-১৯ আক্ৰান্ত যুৱতী গৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷