নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ লকডাউনৰ সুযোগ গ্ৰহণ ছয়গাঁৱৰ ব্যৱসায়ীৰ; ছয়গাঁৱতো ব্যাপক মূল্য বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৯ জুন : ৰাজ্য চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত পুনৰবাৰ ১৪ দিনীয়া লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ প্ৰায়বোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ গ্ৰাহক সকল বিমোৰত পৰা পৰলক্ষিত হৈছে । বিশেষকৈ আলু পিয়াঁজকে ধৰি কেতবোৰ সামগ্ৰীৰ অভাৱনীয় হাৰত হৈছে মূল্যবৃদ্ধি। লকডাউন ঘোষণা কৰা সময়ত বজাৰত আলু আৰু পিয়াঁজ খুচুৰা মূল্য প্ৰতিকিলোগ্ৰাম ২০ ৰ পৰা ২৫ টকাকৈ বিক্ৰী কৰি আছিল ।

  গুৱাহাটীত লকডাউন ঘোষণা কৰাৰ পিছতে হঠাতে আলু পিয়াঁজৰ পাইকাৰী মূল্য ৩০ টকালৈ বৃদ্ধি কৰাৰ ফলত খুছুৰা ব্যৱসায়ী সকলেও পিয়াঁজৰ দাম ৩৫ ৰ পৰ ৪০ টকা টকা আৰু আলুৰ মূল্যও ৩৫ ৰ পৰা ৪০টকালৈ বৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত একাংশ ব্যৱসায়ী দিন ডকাইটি আৰম্ভ কৰি দিছে । উল্লেখ্য যে সৰহ সংখ্যাক সামগ্ৰী ব্যৱসায়ী সকলে গুৱাহাটীৰ ফাচীবজাৰৰ পৰাই ক্ৰয়কৰি ব্যৱসায় চলায় আছে। ফলত গুৱাহাটীত ১৪ দিনীয়া লকডাউন ঘোষণা কৰাত খাদ্য সামগ্ৰীৰ নাটনিৰ আশংকা কৰি সাধাৰণ গ্ৰাহক সকলে নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব বাবে বজাৰত ভিৰ কৰেহি।

 ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চতুৰ ব্যৱসায়ী সকলে আলু পিয়াঁজকে ধৰি কেতবোৰ সামগ্ৰীৰ কৃত্ৰিম নাটনি কৰাৰ লগতে নিজৰ খেয়াল খুচিমতে মূল্যবৃদ্ধি ঘটাই যেন দিনতে ডকাইতি কৰিছে ।আনহাতে ইয়াৰ সমান্তৰালকৈ ব্যৱসায়ী সকলে পাচলিৰো মূল্যবৃদ্ধি কৰিছে। এই ক্ষেত্ৰত চকু দিবলৈ ৰাজ্যৰ নিস্কৰ্মা যোগান বিভাগৰ সময় নাই । প্ৰশাসনে এই চতুৰ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া সময়তহে হব লক্ষণীয় ।

You might also like