কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা হেমাংগ মজুমদাৰৰ শেষকৃত্য অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উলুবাৰীত প্ৰয়াত হেমাংগ মজুমদাৰৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে ৷
উল্লেখ্য যে দেওবাৰে কোভিড-১৯ ত আক্ৰান্ত হৈ মজুমদাৰৰ দেহাৱসান হৈছিল ৷
এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি ড০ শৰ্মাই টুইটযোগে ৰাইজলৈ আহ্বান জনায় কয়- “সম্প্ৰতি আমি সকলোৱে এক অভূতপূৰ্ব জটিল ক্ষণৰ মাজেৰে গতি কৰি আছো ৷ এই সময়ত আমি সকলোৱে আমাৰ মূল্যবোধক আগস্থান দিয়াৰ লগতে পৰস্পৰৰ প্ৰতি থকা আস্থাক বৰ্তাই ৰাখিব পাৰিব লাগিব ৷ কোভিডৰ দ্বাৰা প্ৰভাৱিত সকলোলৈকে আমি আমাৰ নৈতিক সমৰ্থন আগবঢ়োৱা উচিত ৷”
