অসম আৰক্ষীত ক’ৰোনাৰ ত্রাস, এছ পিসহ ৫৬জন আৰক্ষী আক্রান্ত
ডি আই জিকে ধৰি সহস্রাধিক বিষয়া জোৱান কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ শেহতীয়াকৈ মাৰাত্মক ক’ৰোনা ভাইৰাছত (ক’ভিড–১৯) আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱা ঘটনাই কার্যতঃ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যত৷ নিতৌ শতাধিক লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ সমান্তৰালকৈ এই
প্রাণঘাতী ভাইৰাছে অসম আৰক্ষীকো সন্ত্রস্ত কৰি তুলিছে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছত বহুকেইগৰাকী ভাৰতীয় সেনা আৰু চি আৰ পি এফৰ বিষয়া–জোৱান আক্রান্ত হোৱাৰ পিছত অসম আৰক্ষীৰো মুঠ ৫৬গৰাকী বিষয়া–জোৱানৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷
ইয়াৰে গুৱাহাটীত কর্মৰত ৪০গৰাকী, লখিমপুৰত এগৰাকী, কৰিমগঞ্জত চাৰিগৰাকী, ধুবুৰীত এগৰাকী, ৰে’ল আৰক্ষীৰ এগৰাকী, বৰপেটাৰ এগৰাকী আৰু আন স্থানত ৮গৰাকী বুলি জানিব পৰা গৈছে৷ তদুপৰি ১১৫৯গৰাকী বিষয়া–জোৱানক কোৱাৰেণ্টাইন কৰা হৈছে৷ ইয়াৰে ৮গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে৷ উল্লেখ্য যে ৰাজ্যৰ আইন–শৃংখলা নিয়ন্ত্রণ আৰু অপৰাধমূলক গোচৰৰ তদন্তত নিয়োজিত হৈ থকা অসম আৰক্ষীয়ে ৰাজ্যত অব্যাহত থকা ক’ভিড–১৯বিৰোধী যুঁজখনতো সন্মুখৰ পৰা অংশগ্রহণ কৰি আহিছে৷
এনেদৰে কর্তব্যত নিয়োজিত হৈ থকা একাংশ আৰক্ষী বিষয়া আৰু জোৱান ক’ভিড–১৯ত আক্রান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষীৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি কৰে৷ উল্লেখ্য যে কালি অভয়াপুৰীস্থিত অসম আৰক্ষী বাহিনীৰ অধিনায়ক অজাগৰণ বসুমতাৰীৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছিল৷ আজি গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ থানা, বিৰুবাৰী আৰক্ষী চকী আৰু ফাঁচীবজাৰ আৰক্ষী চকীত কর্মৰত আৰক্ষীৰ লোক মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷
মহানগৰ আৰক্ষী সূত্রে জানিব পৰা মতে, পল্টন বজাৰ থানাৰ সহকাৰী উপ–পৰিদর্শক গুজনন্দ টাইদ আৰু হাবিলদাৰ প্রদীপ দত্ত, বিৰুবাৰী আৰক্ষী চকীৰ উপ–পৰিদর্শক জগদীশ কলিতাসহ এজন জোৱান আৰু গাড়ীচালক এজন ক’ভিড–১৯ত আক্রান্ত হৈছে৷ সূত্রটোৱে লগতে জনোৱা মতে ফাঁচীবজাৰ আৰক্ষী চকীত কর্মৰত গণেশ বৰদলৈ নামৰ জোৱান এজনো কালি মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ পূর্বেও মহানগৰীৰ কেইবাজনো আৰক্ষীৰ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কালি বঙাইগাঁৱৰ অভয়াপুৰীত আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়া অজাগৰণ বসুমতাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত গুৱাহাটীত পুনৰ ৫জন আৰক্ষীৰ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত মহানগৰ আৰক্ষী–প্রশাসনত কার্যতঃ হাহাকাৰ লাগিছে৷
উলেখ্য যে ছাগলীয়াত আন্তঃৰাজ্যিক সীমান্তত কর্তব্য পালন কৰি অহা অজাগৰণ বসুমতাৰীয়ে কালি বিয়লি বঙাইগাঁৱৰ উপায়ুক্তৰ কার্যালয়ত উপস্থিত হৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে এখন ভিডি’ কনফাৰেঞ্চত মিলিত হৈছিল৷ এই বৈঠকত বসুমতাৰীৰ সৈতে আছিল অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ–মহাপৰিদর্শক (ডি আই জি) ৰৌণাক আলী হাজৰিকা, বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, উপ–আৰক্ষী অধীক্ষক মৈত্রী ডেকা আদি৷ ইতিমধ্যে বসুমতাৰীৰ সৈতে উপস্থিত থকা আটাইকেইগৰাকী আৰক্ষী বিষয়াৰ ছোৱাব সংগ্রহ কৰাৰ লগতে তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে৷
এনেদৰে ক’ভিড–১৯ত আৰক্ষীৰ লোক আক্রান্ত হোৱাৰ পিছত ডি আই জি পর্যায়ৰ বিষয়াসহ সহস্রাধিক বিষয়া–জোৱান কোৱাৰেণ্টাইনত থাকিব লগা হৈছে৷ অসম আৰক্ষীৰ কর্তব্যৰত বিষয়া–জোৱান ক’ভিড–১৯ত আক্রান্ত হ’বলৈ ধৰাৰ লগতে সহস্রাধিক বিষয়া–জোৱান কোৱাৰেণ্টাইনত থাকিব লগা হোৱাত স্বাভাৱিকতে বিভাগীয় কাম–কাজতো ইয়াৰ প্রভাৱ পৰিছে৷