নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ জুলাইলৈ দেশৰ শিক্ষানুষ্ঠান বন্ধঃ কেন্দ্রীয় গৃহ মন্ত্রালয়

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ বিদ্যালয়–মহাবিদ্যালয়কে ধৰি দেশৰ সকলো শিক্ষানুষ্ঠান অহা ৩১ জুলাই পর্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ দেশজুৰি ক’ভিড–১৯ৰ সংহাৰী ৰূপ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত কালি কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই নতুন নির্দেশনা জাৰি কৰে৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ পৰামর্শৰ পাছত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন মন্ত্রালয় আৰু বিভাগৰ সৈতে আলোচনামর্মে এই সিদ্ধান্ত লোৱা গৈছে৷

দেশৰ সকলো শিক্ষা প্রতিষ্ঠান যোৱা ১৬ মার্চৰে পৰা বন্ধ হৈ আছে৷ উল্লেখ্য যে আনলক–১ৰ নীতি–নির্দেশনাতে উল্লেখ কৰা হৈছিল যে সকলো পক্ষৰ সৈতে আলোচনা কৰি শিক্ষানুষ্ঠান খোলা সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ আনহাতে, ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি চলা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রশিক্ষণ কেন্দ্রসমূহ ১৫ জুলাইৰ পৰা খোলাৰ অনুমতি দিয়া হয়৷ ইফালে নীট আৰু জে ই ই মেইন সন্দর্ভত চৰকাৰে কোনো নির্দেশনা জাৰি কৰা নাই৷ ১৫ লাখ শিক্ষার্থীয়ে অৱতীর্ণ হ’ব লগা এই দুই পৰীক্ষা ১৮ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছে৷

You might also like