ক’ভিড-১৯ঃ নমুনা পৰীক্ষাত অসমৰ অভিলেখ, ৪ লাখৰ সংখ্যা স্পর্শ
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত ক’ভিড–১৯ৰ গণ সংক্রমণৰ শংকাত জনসাধাৰণ ত্রস্তমান হৈ থকাৰ সময়তে নিতৌ গৰিষ্ঠসংখ্যক সুস্থ হৈ চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ উভতিবলৈ সক্ষম হৈছে৷ কালিৰ দিনটোতো ২৪৫গৰাকী লোক বিভিন্ন হাস্পতালৰ পৰা সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি যায়৷
ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৫,৩৩৩গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে, কালিৰ দিনটোত ৰাজ্যখনত ৩০২ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হয়৷ আক্রান্তসকলৰ ১৭২ গৰাকীয়েই হৈছে গুৱাহাটীৰ৷ বর্তমান ৰাজ্যখনত কভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে ৭,৭৯৪ গৰাকী৷
ইয়াৰে ২,৪৪৭ গৰাকী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ এতিয়ালৈ মুঠ ১১গৰাকী লোকৰ মৃত্যু হৈছে আৰু বহিঃৰাজ্যৰ ৩গৰাকী লোক নিজ ৰাজ্যলৈ উভতি গৈছে৷ অসমত বর্তমান সুস্থ হৈ উঠা লোকৰ হাৰ ৭১.২ শতাংশ৷ আনহাতে, ছোৱাব পৰীক্ষাৰ ক্ষেত্রত অসমে অভিলেখ স্থাপন কৰি কালিৰ দিনটোলৈকে মুঠ ৩,৯৯,৩৯৩টা নমুনা পৰীক্ষা কৰে৷