গুৱাহাটীত লকডাউনৰ সর্বাত্মক প্রভাৱ, বহু বাহন জব্দ, গ্রেপ্তাৰ ২৬
নিয়মীয়া বার্তা, ৩০ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ঘোষণা কৰা ১৪ দিনীয়া লকডাউনৰ সর্বাত্মক প্রভাৱ পৰে প্রথমটো দিনতে৷ কামৰূপ (মহানগৰ) জিলাত দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা বলৱৎ হোৱা এই ১২
লকডাউনত স্তব্ধ হৈ পৰে মহানগৰীৰ জীৱনযাত্রা৷ গুৱাহাটীত দোকান–পোহাৰ, বজাৰ–সমাৰ সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ লগতে জনশূন্য হৈ পৰিছিল সদাব্যস্ত ৰাজপথ৷
কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাহনসমূহহে মহানগৰীৰ ৰাজপথত চলা পৰিলক্ষিত হয়৷ ইপিনে, এই ১৪ দিনীয়া লকডাউন কঠোৰভাৱে বলৱৎ কৰিবলৈ একপ্রকাৰ বদ্ধপৰিকৰ হৈছে মহানগৰ আৰক্ষী৷ গুৱাহাটীত ঠায়ে ঠায়ে মহানগৰ আৰক্ষীয়ে বেৰিকেড পাতি ৰাজপথেৰে চলাচল কৰা বাহনসমূহৰ তন্ন তন্নকৈ তালাচী কৰে৷ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাহনকহে চলাৰ অনুমতি প্রদান কৰে আৰক্ষীয়ে৷ অনাৱশ্যকীয়ভাৱে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা বহুসংখ্যক লোকৰ যান–বাহন জব্দ কৰে আৰক্ষীয়ে৷
উল্লেখ্য যে মহানগৰীত ভ্রমণ বৃত্তান্ত নোহোৱাকৈ বহুসংখ্যক লোক মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পাছত ৰাজ্য চৰকাৰে ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰে৷ প্রথম পর্যায় আৰু দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ত গেলামালৰ দোকানসমূহ খোলাৰ বাবে অনুমতি প্রদান কৰিছিল৷ পৰৱর্তী লকডাউনসমূহত বিভিন্ন নীতি–নিয়ম শিথিল কৰি শাক–পাচলি, মাছ–মাংসৰ দোকানৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ অনুমতি দিয়া হৈছিল৷ কিন্তু এইবাৰৰ লকডাউনৰ সময়ত কেৱল ফার্মাচী আৰু হাস্পতালৰ লগতে লেবৰেটৰী খোলাৰহে অনুমতি প্রদান কৰা হৈছে৷
কালি পুৱাৰে পৰা মহানগৰীত আৰক্ষীয়ে লকডাউন যাতে কোনেও ভংগ কৰিব নোৱাৰে, তাৰ বাবে তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হয়৷ অৱশ্যে ইয়াৰ মাজতে আজি পুৱা মহানগৰীৰ ভিন্ন প্রান্তত গাখীৰ বিতৰণ কৰিবলৈ অহা দুগ্ধপালকসকলক আৰক্ষীয়ে বাধা প্রদান কৰাত তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ বিভিন্ন স্থানত দুগ্ধপালকসকলে ৰাজপথতে গাখীৰ পেলাই আৰক্ষী–প্রশাসনৰ বাধাৰ বিৰোধিতা কৰা দেখা যায়৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমত ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ বাবে উদ্বিগ্ণ হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়৷ আজি অসম–মেঘালয় সীমান্তৱর্তী এলেকাসমূহত লকডাউন ঘোষণা কৰিছে মেঘালয় চৰকাৰে৷ এক টুইটযোগে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই সদৰী কৰা অনুসৰি অসম–মেঘালয় সীমান্তৱর্তী বর্ণিহাত, যোৰাবাটৰ পৰা খানাপাৰা পর্যন্ত লকডাউন বলৱৎ কৰা হৈছে৷ তদুপৰি আন্তঃৰাজ্যিক যাতায়াতো সম্পূর্ণৰূপে নিষেধ কৰিছে মেঘালয় চৰকাৰে৷
১১২খন বাহন জব্দ মহানগৰ আৰক্ষীৰ
লকডাউন ভংগ কৰা মুঠ ১১২খন বাহন আজি জব্দ কৰে মহানগৰ আৰক্ষীয়ে৷ সন্ধিয়া ৫ বজালৈ জব্দ কৰা এই বাহনসমূহৰ ৬১খন দুচকীয়া, ১৭খন তিনিচকীয়া, ৩২খন চাৰিচকীয়া আৰু দুখন ছয়চকীয়া বাহন৷ লকডাউন উলংঘা কৰা মুঠ ২৬জন ব্যক্তিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ মুঠ ৪টা গোচৰ ৰুজু কৰাৰ লগতে মাস্ক পৰিধন নকৰাৰ বাবে সংগ্রহ কৰিছে ৩ হাজাৰ টকাৰ জৰিমনা৷