নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ চাহ বাগিচাৰ শ্ৰমিক কর্মচাৰীয়ে পোৱা নাই প্রথম লক ডাউন কালীন বন্ধৰ পাৰিশ্ৰমিক

নিয়মীয়া বাৰ্তা,১ জুলাইঃ ক’ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰা প্ৰথম লক ডাউনৰ সময়ত সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অসমৰ চাহ বাগিচাসমূহৰো কাম সম্পূৰ্ণ বন্ধ হৈ পৰিছিল। আমচৈ চাহ বাগিচাৰ কামবন সম্পূৰ্ণ বন্ধ আছিল। এই বন্ধৰ বাবে কোনো শ্রমিক কর্মচাৰীৰ যাতে পাৰিশ্ৰমিক বা দর্মহা আদি কর্তন কৰা নহয় এই বিষয়ে প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু পাৰিশ্ৰমিক দর্মহা আদি সম্পূৰ্ণ প্রদান কৰাৰ বাবে মালিকসকলক আহ্বান জনাইছিল । দেশৰ প্রধান মন্ত্রী ৰ এই আহ্বান আওকাণ কৰি সৰহ সংখ্যক চাহ বাগিচাৰ মালিকেই শ্রমিক কর্মচাৰী সকলক বন্ধকালীন পাবলগীয়া প্রাপ্য এতিয়ালৈকে আদায় দিয়া নাই। আমচৈ চাহ বাগিচাতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। প্রথম লক ডাউনৰ সময়ত বাগিচাখনৰ মালিক কৰ্তৃপক্ষই প্রতি গৰাকী শ্রমিকক কেৱল ৫০০ টকা কৈ প্রদান কৰিয়েই মৌনতা অৱলম্বন কৰি আছে। অৱশ্যে অসম চৰকাৰৰ শ্রম বিভাগে চাহ বাগিচা সমূহৰ মালিক কৰ্তৃপক্ষক এই বিষয়ে তীব্ৰ হেঁচা প্ৰয়োগ কৰি থকা বুলি আমচৈ চাহ বাগিচাৰ অসম চাহ মজদুৰ গোটৰ সূত্রে জানিব পৰা গৈছে।

You might also like