নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বানাক্ৰান্তৰ মাজত অবৰ্ণনীয় পৰিস্থিতি

বেৰাচাপৰিত চিয়াং নদীৰ বান খহনীয়াত ঘৰ-বাৰী জাহ যোৱাৰ ফলত গৃহহাৰা শ শ পৰিয়াল কণ কণ শিশুসহ পৰিয়ালক লৈ মথাউৰিত মুক্ত আকাশৰ তলত অতিবাহিত

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ জোনাই ত বানাক্ৰান্তৰ মাজত অবৰ্ণনীয় পৰিস্থিতি৷ চিয়াং নদীৰ ভয়ংকৰ বান খহনীয়াত বেৰা চাপৰিত জাহ গল ১৫ খনৰো অধিক লোকৰ ঘৰবাৰী সম্পত্তি৷ চিয়াং নদীৰ ভয়ংকৰ বানৰ কৱলত ঘৰ বাৰী পানীৰ তলত বুৰ গৈ গৃহহাৰা শ শ পৰিয়াল৷ বেৰা চাপৰিৰ বেৰা বেংগলীত থকা এখন মথাউৰত কণ কণ শিশু সহ পৰিয়ালক লৈ গৃহহাৰা শ শ পৰিয়াল আশ্ৰয় গ্ৰহণ কৰি আছে মুক্ত আকাশৰ তলত৷ ইফালে চিয়াং নদীৰ বানৰ কৱলত যোৱা ১৫-২০ দিনে মথাউৰি ওপৰত মানুহৰ লগতে সহবাস কৰিছে গৰু, ছাগলী, হাঁহ,কুকুৰা , গাহৰি আদিয়ে৷ কিন্তু প্ৰশাসনে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা বৰ্ন্যাঢ্যৰ মাজত পৰ্যাপ্ত ট্ৰিপাল যোগান নধৰাত মানুহৰ লগত পশুধনৰ মাজত দেখা দিছে তীব্র হাহাকাৰ৷ জানিব পৰা মতে ১৩১ পৰিয়াল মাজত মাত্ৰ ৯খন, ৪১ পৰিয়ালৰ মাজত ১০ ট্ৰিপাল দিয়েই প্ৰশাসনে সামৰিলে দায়িত্ব৷

ইফালে আজি ১০ দিনৰো অধিক দিন ধৰি মথাউৰিৰ ওপৰত ৰখা গৰু ছাগলী গাহৰি আদিৰ মাজতো দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ ইমানদিৰ পিছতো মহকুমা প্ৰশাসনে এমুঠি পশু খাদ্য যোগান নধৰাত পশুধনৰ মাজত ক্ৰমে দেখা দিছে স্বাস্থ্য ৰ অৱনতি৷ মংগলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ এটা সজাতিৰ দলে বৰ্ন্যাঢ্যৰ বুজ লোৱাৰ লগতে কণ কণ শিশুৰ মাজত বিতৰন কৰে বিস্কুট আদি৷ ইফালে বানাক্ৰান্ত ৰাইজৰ মাজত পৰ্যাপ্ত খাদ্য সামগ্ৰী, উন্নত মানৰ ট্ৰিপাল , খোৱা পানীৰ লগতে শীগ্ৰেই পশু খাদ্যৰ যোগান ধৰিবলৈ জোনাই মহকুমা প্ৰশাসনক দাবী জনায় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ জ্ঞান শৰ্মাই৷

You might also like