নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত আছুৰ প্ৰতিবাদ : খিলঞ্জীয়া বিৰোধী ভূমি-নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেট সিদ্ধান্ত বাতিলৰ দাবী

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ভূমি-নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেট সিদ্ধান্ত বাতিলৰ দাবীত বৰহোলা আঞ্চলিক ছাত্র সন্থাই আজি বৰহোলা চাৰিআলিত প্ৰতিলিপি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ক’ৰোনা প্ৰতিৰোধৰ সকলো নিৰ্দেশনা মানি ছাত্ৰ সন্থাৰ কৰ্মীসকলে ”বিজেপি চৰকাৰ গ’বেক, অসম চৰকাৰ হায় হায়, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী গ’বেক” আদি শ্ল’গানেৰে বৰহোলাৰ পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত সংগঠনটোৰ উপদেষ্টা তথা তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সভাপতি ভাস্কৰজ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱা, সহকাৰী সম্পাদক সুশীল শইকীয়া, সাংস্কৃতিক সম্পাদক তৃষ্ণামণি বুঢ়াগোঁহাই, শিক্ষা সম্পাদক তুলিকা বৰুৱা, উপ-সভাপতি দিক্ষামণি শইকীয়াৰ লগতে ইকৰাণি, নগাবাট, নৱমিলন, বৰহোলা মহাবিদ্যালয় আৰু কেন্দ্ৰীয় প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ কৰ্মীসকল সকল উপস্থিত থাকে।

You might also like