নগাঁৱত নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ দাবীত নগাঁৱত কৃষক মুক্তিৰ অনশন
নিয়মীয়া বাৰ্তা, ৬ জুলাই : নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিয়ে আজি নগাঁৱত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত সামাজিক দূৰত্ব মানি সংগঠনটোৰ চাৰিগৰাকী সদস্যই এই কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা প্ৰশাসনে এই প্ৰতিবাদী কাৰ্যসূচীত সীমিত সংখ্যক লোকৰ অনুমতি দিয়াত সংগঠনটোৰ জিলা সম্পাদক জিতেন বৰা, সদস্য ক্ৰমে ডালিমী বৰা, ৰূপা দাস, দুলুমণি বৰাই হাতে হাতে প্লে কাৰ্ড লৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সংবাদ মাধ্যমৰৰ আগত জীতেন বৰাই কয় – কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শেষৰজন সদস্যৰ শেষ বিন্দু তেজ থকালৈকে এই অধ্যাদেশ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব।