নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুইৰ শিখাৰে বিষ্ণু ৰাভাক অংকণ কৰি মৰাণৰ চিত্ৰশিল্পী সীমান্তৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ যুৱপ্ৰজন্মৰ প্ৰতিভাৱান চিত্ৰশিল্পী সীমান্ত গগৈয়ে লকডাউনৰ সময়ছোৱাত নতুন চিন্তাচৰ্চাৰে জুইৰ শিখাৰে চিত্ৰ অংকণ কৰি অভিলেখ ৰচিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, যোৱা ২০ জুন, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ দিনা ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল জুইৰ শিখাৰে এখন প্ৰতিচ্ছবি অংকন কৰি ‘অসম বুক অফ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

লগতে এই লকডাউনৰ সময়খিনিত বিভিন্ন মাধ্যমৰ চিত্ৰ অংকন কৰাৰ লগতে সীমান্তই মুখা শিল্প, egg painting, stone painting কৰিবলৈ চেষ্টা কৰি আহিছে।

লকডাউনৰ সময়ছোৱাত এনে ধৰণৰ সৃষ্টিমূলক কৰ্মৰাজিৰে যুৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠা সীমান্ত গগৈ হৈছে ডিব্ৰুগড় জিলাৰ মৰাণৰ বেজৰচুক বঙালী গাঁৱৰ নিৱাসী দুলাল গগৈৰ পুত্ৰ।

You might also like