দিহিং- পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন বিভাগৰ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ইতিপূৰ্বে চৰ্চাৰ বিষয় হৈ পৰা দিহিং- পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি সামগ্ৰিকভাৱে হস্তি সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে ।
এই সুখবৰে পৰিৱেশ কৰ্মী আৰু প্ৰকৃতিপ্ৰেমীসকলক উৎসাহিত কৰি তুলিছে। উল্লেখ্য যে গোলাঘাট নিৱাসী বিশিষ্ট ব্যৱসায়ী, জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে যোৱা ১ জুন, ২০২০ তাৰিখে সমগ্ৰ দিহিং- পাটকাই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি তাৰ দুষ্প্ৰাপ্য জীৱকূল আৰু গছগছনি সংৰক্ষণ কৰাৰ লগতে ক্ৰান্তীয় সেনেকা চিৰ সেউজীয়া বনাঞ্চলখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লিখিতভাৱে জনাইছিল। শ্ৰীগোস্বামীয়ে তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত কেইবাখন সংৰক্ষিত বনাঞ্চল, প্ৰাস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য সামৰি ৯৩৭ বৰ্গ কিলোমিটাৰ মাটি কালিৰ সমগ্ৰ অঞ্চলটোক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ অনুৰোধ জনাইছিল।
উল্লেখ্য যে গোস্বামীয়ে যোৱা ৮ জুন, ২০২০ তাৰিখে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘজান কাণ্ড সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেড আৰু মেছাৰ্ছ জ’ন এনাৰ্জী নামৰ ঠিকাদাৰী কোম্পানীটোৰ বিৰুদ্ধে বাঘজান থানাত প্ৰথমটো গোচৰ তৰিছিল। গোস্বামীয়ে বিগত ১৯৯৯ বৰ্ষত দেওপাহাৰ বনাঞ্চলৰ বেদখল কাণ্ডৰ বিৰুদ্ধে তদানীন্তন কেন্দ্ৰীয় পৰিৱেশ আৰু বনমন্ত্ৰী মেনকা গান্ধীৰ কাষ চাপিছিল৷ কাৰ্বি আংলংৰ অবৈধ কয়লা খনন আৰু সিংহাসন পাহাৰৰ পৰা উৎপত্তি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰে সম্পৰ্কীত ১০ খন বিপদাপন্ন নদীৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰথম মাত মতা মানুহগৰাকীয়েই হৈছে অপূৰ্ব বল্লভ গোস্বামী। তেওঁ ইতিপূৰ্বে বিভিন্ন কাকতত পৰিৱেশ সম্পৰ্কীয় প্ৰৱন্ধপাতিও লেখিছে।