কবিতা বিতর্কঃ ক্ষমা প্রার্থনা নীলিম কুমাৰৰ
নিয়মীয়া বাৰ্তা, ৭ জুলাই: এখন পষেকীয়া আলোচনীত প্রকাশিত ‘অসুস্থ চিটিবাছ’ শিৰোনামাৰ কবিতাটোক লৈ উদ্ভৱ হোৱা বিতর্কৰ বাবে ৰাজ্যৰ জনপ্রিয় কবি নীলিম কুমাৰে তাই আহোম যুৱ পৰিষদ আৰু সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ লগতে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰিছে৷
তাই আহোমৰ সংগঠন দুটালৈ উদ্দেশ্যি ক্ষমা প্রার্থনা পত্রখনত কবিগৰাকীয়ে প্রকাশ কৰে এইদৰে–‘অসুস্থ চিটিবাছ নামৰ কবিতাটোৱে যি বির্তকৰ সূচনা কৰিছে সেই পৰিপ্রেক্ষিতত মই বিনীতভাৱে কওঁ যে কবিতাটোৰ জৰিয়তে কাকো হেয় বা অসন্মান কৰাৰ মনোবৃত্তি মোৰ নাছিল৷ হয়তো মই কবিতাটোত মোৰ মনোভাৱ প্রকাশ কৰাত ব্যর্থ হৈছিলোঁ৷ যাৰ কাৰণে তেনে ভুলৰ ভুল বুজাবুজিৰ সৃষ্টি হয়৷ এই অনিচ্ছাকৃত ভুলৰ বাবে মই আপোনালোকৰ লগতে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছো৷’