নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত অবাধ বন ধ্বংস কাৰ্য অব্যাহতঃ ঢালিগাঁও আৰক্ষীৰ হাতত জব্দ ৩ লাখ টকা মূল্যৰ চোৰাং কাঠ 

নিয়মীয়া বাৰ্তা,৭ জুলাই: ৰাজ্যপালৰ বনাঞ্চল বৃদ্ধিৰ লক্ষ্যক গুৰুত্বহীন কৰি বন মাফিয়াই বিটিআৰত অবাধ বন ধ্বংস কাৰ্য অব্যাহত ৰাখিছে । কালি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই থানা খনৰ অন্তৰ্গত বিলাসপুৰত অভিযান চলাই বহু পৰিমানৰ মূল্যৱান কাঠৰ বৃহৎ বৃহৎ মিলত কটা ৬৭ টা টুকুৰা জব্দ কৰে। বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৰেজ্জাক আলী নামৰ ব্যক্তিজনৰ ঘৰত তালাচী চলাইছিল।

ঘৰৰ পিছফালে এঠাইত দ’মাই ৰখা অৱস্থাত আৰক্ষীয়ে কাঠ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চোৰাং কাঠ মজুতকাৰী ৰেজ্জাক আলীয়ে আৰক্ষীৰ   অভিযানৰ পূৰ্বে পলায়ণ কৰে বুলি আৰক্ষী বিষয়া বিজিত দাধৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে । ঢালিগাঁও আৰক্ষীয়ে পাছত  জব্দ কৰা কাঠ খিনি চিৰাং জিলা বন বিভাগক গতাই দিয়ে। কালি নিশা জব্দ কৰা কাঠ খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি জিলা বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জনাইছে । চিৰাং জিলাত সঘনাই জব্দ কৰা চোৰাং কাঠ আৰু কাঠ ভৰ্তি ট্ৰাক,ট্ৰেক্টৰ আদি বাহনৰে পৰ্বত সম দ’ম বান্ধিছে।

কাৰ্যালয়ৰ চৌহদত যিকোনো ব্যক্তিয়ে দৃষ্টি নিক্ষেপ কৰিলে জিলা খনৰ বন ধ্বংস কাৰ্য্যৰ আভাস পোৱা যায় । নিশাৰ ভাগত জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা চোৰাং কাঠভৰ্তি বাহন সমূহ ওলাই আহি ৩১’গ’ নম্বৰ ৰাষ্ট্ৰীয় পথৰে পথেৰে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ হোৱাতো সৰ্বজন জ্ঞাত। ৰাজ্যৰ ৰাজ্যপালে বিটিচিৰ শাসনভাৰ গ্ৰহন কৰাৰ পাছত সমগ্ৰ বিটিএডিত বন ধ্বংস ৰোধ কৰাৰ লগতে ৪০ লাখ গছপুলি ৰোপন কৰাৰ কথা ঘোষণা কৰিছে ।

ৰাজ্যপালৰ ঘোষণা তথা পদক্ষেপক প্ৰকৃতি প্ৰেমী সকলে আদৰণি জনাইছে । ইয়াৰ পাছতো বিটিএডিত বন ধ্বংস, নৈত অবৈধ শিল-বালি খনন কাৰ্য অব্যাহত থকাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে ।।

You might also like