চিদলীত আৰক্ষীৰ তালাচীত অবৈধ কাঠ ভৰ্তি গাড়ী জব্দ
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ চিৰাং জিলাৰ চিদলী আৰক্ষীয়ে অবৈধ কাঠ কঢ়িওৱা এখন বাহন জব্দ কৰে। জিলা খনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিৰ মেচাৰ্ছ বস্কো শ্ব এণ্ড ভেনীৰ মিলচ নামৰ কাঠ ফলা মিলিটোৰ পৰা এ এছ ১৯ এ চি/ ২৫০৮ নম্বৰ মিনি ট্ৰাক খনে অবৈধ ভাৱে কাঠ কঢ়িয়াই লৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ অভিমুখে গৈ থকা অবস্থাত কাশীকোত্ৰা পেট্ৰ’ল পাম্পৰ সমীপত আৰক্ষীয়ে তালাচী চলাই গাড়ী খন জব্দ কৰে।
কাঠ ফলা মিলিটোৰ প্ৰবন্ধ জিতেন গয়াৰীয়ে প্ৰতিষ্ঠানটোৰ পেডত লিখি দিয়া মতে ৩০০০/– টকাৰ বিনিময়ত প্ৰতিষ্ঠানটোৱে কাঠ খিনি ফায়াৰ উড হিচাপে বিক্ৰী কৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ নিয়াৰ বাবে লিখি দিছে। যিটো অবৈধ তথা অযুক্তিকৰ কাৰ্য বুলি চিৰাং জিলা ডি এফ অ’ ব্ৰহ্মানন্দ পাতিৰিয়ে কাজলগাঁও প্ৰেছ ক্লাবৰ সদস্য সকলক জানিবলৈ দিয়ে ।
চিদলী থানাৰ আৰক্ষীয়ে বন বিভাগক কাঠ সহ গাড়ী খন গতাই দিয়াৰ পাছত ডি এফ অ’ই বিভাগীয় ভাবে তদন্ত কৰি মিলটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কাজলগাঁও প্ৰেছ ক্লাবৰ সদস্য সকলকজানিবলৈ দিয়ে । বহু আগৰে পৰাই বহিঃৰাজ্যলৈ চোৰাং কাঠ সৰবৰাহ হৈ আছে বুলি নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি কালি চিদলী আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ পাছত এশ শতাংশই সত্য প্ৰমাণিত হৈছে । জিলা খনত এটা বৃহৎ বন মাফিয়া চক্ৰ সক্ৰিয় হৈ থকাতো সৰ্বজন জ্ঞাত । চৰকাৰ প্ৰশাসনক উক্ত চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকৃতি প্ৰেমী সকলে আহ্বান জনাইছে ।।