জোনাইত ভয়াৱহ বান পৰিস্থিতি, ফেনে ফুটুকাৰে বাঢ়িছে নৈ-উপনৈ
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ধেমাজি জিলাৰ জোনাইত অধিক ঘটিছে বান পৰিস্থিতি৷ যোৱা এমাহ ধৰি দি থকা মুষলধাৰ বৰষুণৰ ফলত চিয়াং, লালী, ব্ৰহ্মপুত্ৰ নৈৰ উপৰিও ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে উপন্দি উঠাত, জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত ন ন অঞ্চল প্লাৱিত হোৱাত শতাধিকৰো অধিক গাঁৱৰ ঘৰবাৰী , খেতি পথাৰ বুৰ যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৰাইজৰ মাজত ৷ বিগত এমাহ ধৰি জোনাইৰ বেৰাচাপৰি আৰু লোহিজান অঞ্চলত চিয়াং নদীৰ বাঢ়নী পানীয়ে ৩০ খনৰো অধিক গাওঁ বুৰ যোৱাৰ বিপৰীতে ডেপী নদীৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি গালী বৰবালীত বুৰাই পেলাই বিস্তৃৰ্ণ অঞ্চল৷ অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ঘৰবাৰী, বাটপথ বুৰাই পেলুৱাত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ৷ ইপিনে ডেপী নদীত বাগৰিছে সাগৰ সদৃশ ঢৌ ৷
ৰায়াং আৰু ৰাজাখানা নদীৰ বাঢ়নী পানীত কাৰ্দং চুকতো বুৰ গৈছে শ শ পৰিয়াল ৰ ঘৰ বাৰী , খেতি পথাৰৰ লগতে বাটপথ৷ কাৰ্দং চুক বেকেলী সংযোগী গড়কাপ্তানি পথৰ কেবাঠাইতো ৰায়াং আৰু ৰাজাখানা নৈৰ বানে চিঙি পেলুৱাত অঞ্চলটোত বিচ্ছিন্ন হৈছে যোগাযোগ৷
তেনেদৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সীমান্ত লৈ যোৱা তাকে তিনিআলিৰ কাষৰ গড়কাপ্তানি পথৰ ওপৰেৰে পানী নাহৰ নলাৰ বাঢ়নী পানীয়ে বাগৰি পথ খহাই নিয়াত যোৱা কেবাদিনৰ পৰা ৰাইজে বিপদ জনকভাৱে যোগাযোগ অব্যাহত ৰাখিছে৷ ইফালে ৰাকুট কেমেৰেত চিলে নদীৰ বানে চিঙি পেলাইছে মথাউৰি৷ যাৰ ফলত বুৰ আছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ঘৰ,বাৰী, খেতি পথাৰ, বাট পথ৷
বানত প্লাৱিত হৈ পৰা অঞ্চল সমুহৰ পশুধনৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ । পশ্চিম জোনাইৰ নৈপৰীয়া অঞ্চলত নৈ উপনৈৰ বাঢ়নী পানীয়ে পথ পথাৰ একাকাৰ কৰি পেলোৱাত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত বানপীড়িত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ইপিনে যোৱা বছৰে চেৰণ নদীৰ বাঢ়নী পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জয়পুৰ সংযোগী মঠাউৰিটোৰ চেৰেণ সোনোৱাল পথাৰ অংশত ছিঙা অংশইদি চেৰেণ নদীৰ বাঢ়নী পানী সোমাই চিমেন চাপৰিৰ চেৰেণ সোনোৱাল,মাছখোৱা গাঁৱৰ দুকুৰিৰো অধিক পৰিয়ালৰ ঘৰভেটি জলমগ্ন হৈ পৰাৰ লগতে গাঁৱৰ পথছোৱা বুৰাই পেলাইছে।দশকটোৰ ভিতৰত বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰা জোনাইৰ বানাক্ৰান্তক অদ্যাপি জোনাই মহকুমা প্ৰশাসনে বান সাহাৰ্য্য আৰু পশু খাদ্য যোগান ধৰা নাই বুলি বানপীড়িত ৰাইজে জানিবলৈ দিছে ।জোনাই মহকুমাৰ নৈপৰীয়া অঞ্চলত নৈ উপনৈৰ বাঢ়নী পানীয়ে পথ পথাৰ একাকাৰ কৰি পেলোৱাত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত বানপীড়িত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । বাতৰি লিখা পৰলৈকে জোনাইৰ নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে ।