আটাছুৰ প্ৰাক্তন নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত শোকপ্ৰকাশ দল-সংগঠনৰ
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ সদৌ তাই আহোম ছাত্ৰ সন্হাৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে । অশ্বিনী চেতীয়াৰ এক বলিষ্ঠ প্ৰতিবাদী কন্ঠ আছিল আৰু এইগৰাকী আপোচহীন প্ৰতিবাদী সত্তাৰ মৃত্যুত অসমীয়া জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু সাঃ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে । সেইদৰে প্ৰাক্তন আটাছুৰ নেতাগৰাকীৰ মৃত্যুৰ বাতৰিত গভীৰ মৰ্মাহত হৈ আমছু ডিব্ৰুগড় জিলাৰ সভাপতি কাজু হুছেইন আৰু সাঃ সম্পাদক নাজিবুল আলিয়ে তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । ইফালে নৱ গঠিত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সহঃ সম্পাদক চন্দ্ৰকমল ফুকনে প্ৰাক্তন আটাছু নেতাগৰাকীৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি নেতাগৰাকীৰ পৰিয়ালৰ উপযুক্ত সদস্যক এটি সংস্হাপন দিবলৈ অসম চৰকাৰক বিনম্ৰ আহ্বান জনাইছে । সেইদৰে দুলীয়াজানৰ বিভিন্ন ব্যক্তি বিশেষ আৰু দল সংগঠনে আটাছুৰ প্ৰাক্তন নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।