অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী চিন্ময়ী চেতিয়াক সম্বৰ্ধনা দুলীয়াজান লেখিকা সংস্থাৰ
নিয়মীয়া বাৰ্তা, ১১ জুলাই : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত দুলীয়াজানৰ তিনিটা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা চিন্ময়ী চেতিয়াক দুলীয়াজান লেখিকা সংস্থাই উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷ দুলীয়াজান ছেন্ট জেৰ্ভিয়াছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰী চিন্ময়ী চেতিয়াই অসমীয়া বিভাগত মুঠ ৯১ নম্বৰ লাভ কৰিছে ।
ছাত্ৰীগৰাকীলৈ সংস্হাৰ তৰফৰ পৰা এখনি প্ৰশংসা পত্ৰ আৰু গামোছাৰ লগতে কলম, ফাইল সহ নগদ ধন আগবঢ়াই ছাত্ৰীগৰাকীৰ উজ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰে। শিক্ষক কেশৱ চেতিয়া আৰু মৌচুমী চেতীয়াৰ সুযোগ্যা কন্যা চিন্ময়ীয়ে ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশাৰে শৈক্ষিক দিশ আগবঢ়োৱা কথা ব্যক্ত কৰিছে । ছাত্ৰী গৰাকীৰ কুমুদনগৰস্হিত বাসগৃহত গৈ দুলীয়াজান লেখিকা সংস্হাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই সংস্হাৰ প্ৰাক্তন সভানেত্ৰী ৰীতা দত্ত, সভানেত্ৰী অনু শইকীয়া, সম্পাদিকা নিজু ৰাভা গগৈ, উপ-সভানেত্ৰী প্ৰণিতা হাতীমূৰীয়া, পত্ৰিকা সম্পাদিকা শোভামণি দত্ত তামুলী, সাংস্কৃতিক সম্পাদিকা মীৰা দত্ত আৰু কোষাধ্যক্ষা ছায়ামণি দত্তই।