বঙাইগাঁও শোধনাগাৰ উপনগৰীত কৃত্ৰিম বান, আৱাস গৃহ-গেৰেজত পানী
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ মানুহ প্ৰকৃতিৰ দাস। যিমানেই সু পৰিকল্পিত ভাৱে মানুহে পৃথিৱীৰ বুকুত অত্যাধুনিক নিৰ্মান কাৰ্য নচলাওক কিয়,প্ৰকৃতিৰ ৰোষত পৰিলে ৰক্ষা কৰিব পৰা ক্ষমতা মানুহৰ নাই । বহু বৃহৎ বৃহৎ নিৰ্মান কাৰ্য চকুৰ পলকতে ধ্বংস হোৱাৰ উদাহৰণ মানৱ সমাজত বিদ্যমান । কালি নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত আজি বঙাইগাঁও শোধনাগাৰৰ আবাসিক চৌহদত কৃত্ৰিম বানৰ সৃষ্টি হৈছে ।
সু পৰিকল্পিত ভাৱে নিৰ্মান কৰা শোধনাগাৰ কৰ্মচাৰী সকলৰ আবাসিক চৌহদ বিজিআৰ উপনগৰী খন হৈছে দেশৰ তৈল উদ্যোগ সমূহৰ আবাসিক চৌহদৰ ভিতৰত এখন শ্ৰেষ্ঠতম সুৰক্ষিত উপনগৰী। আজি এই অঞ্চলটোও প্ৰকৃতিৰ ওচৰত নতশীৰে হাৰ মানিবলৈ বাধ্য হৈছে। চিৰাং জিলাৰ চৌদশে এতিয়া পানী আৰু পানী । উপনগৰীৰ চাৰিওফালে থকা নলা-নৰ্দমা, খেতি পথাৰ পানীৰে উপচি পৰিছে । উপনগৰীৰ ব্যৱহৃত পানীৰ বৰ্জিত অংশ শোধনাগাৰ কতৃপক্ষই পৰিকল্পিত ভাৱে পৰিশোধন কৰি শোধনাগাৰৰ মূল প্ৰকল্পত পুনঃ ব্যৱহাৰ কৰে।
পিছে প্ৰকৃতি প্ৰদত্ত অতিবৃষ্টিৰ পানী বহন ক্ষমতা উপনগৰীৰ নলা সমূহৰ নাই । যাৰ বাবে শোধনাগাৰ কতৃপক্ষই বৰষুণৰ অতিৰিক্ত পানী উলিয়াই দিবৰ বাবে চৌহদৰ বাহিৰত দীৰ্ঘ নলাৰ নিৰ্মান কৰি দিছে। বৰষুণৰ পানীৰ ফলত চাৰিওফালে কৃত্ৰিম বানৰ সৃষ্টি হোৱাত উপনগৰীৰ পানী আবদ্ধ হৈ পৰিছে । ফলত ৫শ ব্লকৰ একাংশ আবাসত ( CT) আৰু অধিকাংশ গাড়ীৰ গেৰেজ কৃত্ৰিম বানে ডুবাই পেলোৱাত আবাসী সকলে গাড়ী সমূহ মূল পথৰ ওপৰত থবলৈ বাধ্য হৈছ। উপনগৰীৰ সুৰক্ষা বিষয়া জনে তেওঁৰ আবাসত পানী সোমোৱাৰ ফলত কম্পিউটাৰ আদি কৰি মূল্যৱান সামগ্ৰী সমূহ অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা বুলি জানিব পৰা গৈছে।
অৱশ্যে বৰষুণ বন্ধ হ’লে উপনগৰীৰ কৃত্ৰিম বানৰ সমস্যা দীৰ্ঘ সময় ধৰি নেথাকে বুলি আবাসী সকল জ্ঞাত যদিও বঙাইগাঁও জিলা প্ৰশাসনে বতৰ বিজ্ঞানৰ আগ জাননী মতে জিলা খনত ৰেড এলাৰ্ট জাৰি কৰাৰ বাবে পূৰ্বে বঙাইগাঁও জিলাৰ অন্তৰ্গত তথা বঙাইগাঁও সদৰৰ সীমা সংলগ্ন চিৰাং জিলাৰ অধীন উপনগৰীৰ বাসিন্দা সকল চিন্তিত হৈ পৰিছে।