নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাত পুনৰ আক্ৰান্ত ২৫ জন

নিয়মীয়া বার্তা, ১৫ জুলাইঃ নগাঁৱত ক’ভিড ১৯ ৰোগী চিনাক্তকৰণৰ বাবে আৰম্ভ হ’ল ৰেপিড এন্টিজেন্ট টেষ্ট । এই পৰীক্ষাত আধা ঘন্টাৰ ভিতৰত ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰিব পাৰি । নগাঁও জিলাত কৰ’না ভাইৰাচৰ সংক্ৰমণ অব্যাহত আছে । জিলাখনত কালি সন্ধ্যাৰে পৰা আজি বিয়লিলৈকে নতুনকৈ ২৫ গৰাকী ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ তথ্য স্বাস্হ্য বিভাগৰ সূত্ৰত জানিব পৰা গৈছে । দিনে-দিনে নগাঁৱত বৃদ্ধি হৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। আজি বিয়লি পৰ্যন্ত জিলাখনত ক’ভিডত আক্রান্তৰ সংখ্যা ১০৫২ গৰাকী হৈছে। কালিৰে পৰা ভ্ৰমণ বৃতান্ত নথকা কেইবাজনো ব্যক্তিৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হৈছে ।নগাঁও চহৰৰ পাৰ্শ্বৱতী টোকলাই বেবেজীয়াৰ জুৰি বাৰিক দাস নামৰ এগৰাকী নাৰ্চ , তেওঁৰ ৯ বছৰীয়া পুত্ৰ পল্লবজ্যোতি , মাতৃ পূৰ্ণিমা দাস ক’ভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় । ৰূপহীহাটত কৰ্মৰত এ এন এম গৰাকীৰ স্বামীও এজন স্বাস্হ্য কৰ্মী । সেই অঞ্চলৰে বনিয়া উপাধিৰ লংকাত কৰ্মৰত আন এগৰাকী নাৰ্চ ক’ভিড আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে । ইফালে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আব্দুল গফুৰ নামৰ এজন কয়দীৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হৈছে । কাৰাগাৰ খনৰ চিকিৎসক জন ইতিমধ্যে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে নগাঁৱত কালিৰে পৰা আৰম্ভ কৰা ৰেপিড এন্টিজেন্ট টেষ্টত নগাঁৱত ৯ জনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।
আজি জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ৮৫ , কন্দলি মডেল হস্পিতালত ৪৫ , উজৰাগাঁও মডেল হস্পিতালত ৩২ ,মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৩৩ , চিমনাবস্তি মডেল হস্পিতালত ৬৪ গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।

You might also like