নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিকল্পিত হত্যালীলাৰে উইঘুৰ হান–কাজাখ জনসংখ্যা নিয়ন্ত্রণ বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা মহামাৰী সংক্রমণৰ বিতর্ক, ভাৰতৰে সীমান্ত সংঘাতৰ পাছত এইবাৰ সংখ্যালঘুৰ গণহত্যাই শিৰোনামলৈ আনিছে চীনক৷ ‘ডেম’গ্রাফিক জেন’ছাইড’ অর্থাৎ জনগাঁথনিকেন্দ্রিক গণহত্যাই এতিয়া কঁপাইছে বেইজিং৷ এছ’চিয়েট প্রেছৰ এক অনুসন্ধানমূলক প্রতিবেদনত চীনৰ পশ্চিমাঞ্চলৰ জিনজিয়াং অঞ্চলত বাস কৰা সংখ্যালঘু নৃগোষ্ঠীয় উইঘুৰ নামৰ মুছলিম সম্প্রদায়টোৰ জনসংখ্যা ৰোধৰ বাবে পৰিকল্পিতভাৱে চলিছে গোপন গণহত্যা অভিযান৷ উল্লেখ্য যে তুর্কীভাষী এই নৃগোষ্ঠীয় মুছলিম সম্প্রদায়টোৱে চীনৰ জিনজিয়াং অঞ্চলত বসবাস কৰে৷ চীনতেই প্রায় আঢ়ৈ কোটি জনসংখ্যা আছে এই সম্প্রদায়টোৰ৷ আনহাতে, চীনৰ পশ্চিম অঞ্চলত হান আৰু কাজাখ নামৰ আন দুটা সংখ্যালঘু সম্প্রদায়ৰ লোকে বাস কৰে৷ জিনজিয়াঙৰ হুটান আৰু কাছগড় নামৰ মহানগৰ দুখনৰ পৰা এই অঞ্চলটোৰ তিনিওটা সংখ্যালঘু সম্প্রদায়ৰ লোকৰ জনসংখ্যা ৰোধ কৰি জনগাঁথনি পৰিৱর্তন কৰাৰ ষড়যন্ত্রৰে গোপনে গণহত্যা চলা বুলি এছ’চিয়েট প্রেছৰ প্রতিবেদনখনত প্রকাশ পাইছে৷

উল্লেখ্য যে চীনৰ বর্তমানৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ শাসনকালত ৰাষ্ট্রখনত সংখ্যালঘু লোকৰ জনসংখ্যা প্রতিৰোধৰ ব্যৱস্থা কঠোৰতম হৈ পৰে৷ ২০১৪ চনত ঝি জিনপিঙে জিনজিয়াং অঞ্চল ভ্রমণ কৰাৰ পাছত এই অঞ্চলটোত জন্ম নিয়ন্ত্রণ কঠোৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ নৃগোষ্ঠীয় সম্প্রদায় হিচাপে উইঘু, হান আৰু কাজাখসকলক মাত্র দুটা সন্তান জন্ম দিয়াৰ অনুমতি প্রদান কৰা হয়৷ পূর্বে গ্রামাঞ্চলৰ নৃগোষ্ঠীয় লোকসকলৰ মাজত জন্ম নিয়ন্ত্রণৰ বাধানিষেধ আৰোপিত নাছিল যদিও জিনপিঙৰ শাসনকালত সকলোতে এই ব্যৱস্থা কঠোৰ কৰি তোলা হয়৷ উল্লেখ্য যে ২০১৫ চনৰ পৰা ২০১৮ চনলৈ চীনৰ পশ্চিমাঞ্চলত এই নৃগোষ্ঠীয় লোকসকলৰ জনসংখ্যা ৬০ শতাংশ বৃদ্ধি পায় যদিও ২০১৯ চনত ২৪ শতাংশ জনসংখ্যা হ্রাস পায়৷ ২০১৪ চনৰ পৰা জিনজিয়াঙৰ সংখ্যালঘু গর্ভৱতী মহিলাসকলক সম্পূর্ণ নিৰীক্ষণলৈ আনে প্রশাসনীয় কর্তৃপক্ষই৷ প্রশাসনে সংখ্যালঘু মহিলা গর্ভৱতী হোৱাৰ তথ্য লাভ কৰিলেই মহিলাগৰাকীৰ সম্পূর্ণ তথ্য সংগ্রহ কৰে৷ প্রশাসনে মহিলাগৰাকীৰ পূর্বৰ সন্তানৰ সংখ্যা যদি দুই হয়, লগে লগে মহিলাগৰাকীক বলপূর্বকভাৱে গর্ভপাত কৰোৱাই বন্ধ্যাকৰণৰ ব্যৱস্থা কৰে বুলি এছ’চিয়েট প্রেছৰ প্রতিবেদনখনত প্রকাশ পাইছে৷

প্রতিবেদনখনত উল্লেখ কৰা মতে, বেইজিং প্রশাসনে এই তিনিটা নৃগোষ্ঠীয় সম্প্রদায়ৰ মহিলাক বলপূর্বকভাৱে বন্ধ্যাকৰণ কৰাৰ লগতে অনুমতিবিহীনভাৱে বহু মহিলাৰ শৰীৰত বন্ধ্যাকৰণৰ সঁজুলি আই ইউ ডি স্থাপন কৰাৰো সীমাহীন উদাহৰণ আছে৷ সমগ্র চীনতে যি সময়ত বন্ধ্যাকৰণ প্রক্রিয়া স্থবিৰ কৰা হৈছে, সেই সময়ত জিনজিয়াং অঞ্চলত বন্ধ্যাকৰণ বৃদ্ধি কৰা হয় অতি নিষ্ঠুৰভাৱে৷ আনকি বহু শিশুক ডিটেনচন কেম্পতো ৰখা হয় বুলি প্রতিবেদনখনত অভিযোগ অনা হৈছে৷ তাৰ উপৰি এই অঞ্চলৰ সংখ্যালঘু বহু স্বামী–স্ত্রীক পৃথকীকৰণ কৰি ৰখাৰ লগতে এক বা ততোধিক সন্তান থকা দম্পতীক অতি উচ্চ হাৰত জৰিমনা বিহা হৈছে৷ এই সমগ্র প্রক্রিয়াটো এক অর্থত জনগাঁথনি সম্পর্কিত গণহত্যা বুলি অভিহিত কৰা হৈছে৷ উক্ত প্রতিবেদনখনত জিনজিয়াঙৰ উইঘুৰ সম্প্রদায়ৰ বহু লোকৰ সাক্ষাৎকাৰ প্রকাশ কৰা হৈছে, য’ত ভুক্তভোগীসকলে চীন কমিউনিষ্ট পার্টীয়ে তেওঁলোকক মানুহ হিচাপে জীয়াই ৰাখিব বিচৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ জন্ম নিয়ন্ত্রণ আৰু বন্ধ্যাকৰণৰ বাবে বেইজিং প্রশাসনে চীনৰ সেনাবাহিনী পি এল একো ব্যৱহাৰ কৰা বুলি প্রতিবেদনখনত কোৱা হৈছে৷ এই প্রতিবেদনখন প্রকাশ পোৱাৰ পাছতেই যোৱা সপ্তাহত আমেৰিকাৰ বৈদেশিক সচিব মাইকেল পম্পি’ই চীন কমিউনিষ্ট পার্টীক এই লোমহর্ষক কার্যব্যৱস্থা শীঘ্রে বন্ধ কৰিবলৈ আহ্বান জনায়৷ তেওঁ বেইজিং প্রশাসনৰ জনসংখ্যা ৰোধৰ এনে ব্যৱস্থা সম্পূর্ণৰূপে মানৱতাবিৰোধী বুলি অভিহিত কৰে৷ আমেৰিকাৰ বৈদেশিক সচিবগৰাকীৰ এই মন্তব্যৰ পাছতেই চীনৰ বৈদেশিক মন্ত্রীয়ে এনে বাতৰি সম্পূর্ণ অসত্য আৰু মনেসজা বুলি উল্লেখ কৰি বেইজিং প্রশাসনে সকলো নৃগোষ্ঠীয় সংখ্যালঘুকে সমদৃষ্টিৰে চোৱাৰ লগতে সংখ্যালঘুৰ সকলো আইনী অধিকাৰ সুৰক্ষিত হৈ আছে বুলি প্রকাশ কৰে৷ এই গণহত্যা সন্দর্ভত আমেৰিকাৰ কলৰাডো বিশ্ববিদ্যালয়ৰ উইঘুৰ বিশেষজ্ঞ অধ্যাপক ডাৰেন বাইলাৰে কয় যে বেইজিঙৰ এই ব্যৱস্থাৰ উদ্দেশ্য উইঘুৰ জনগোষ্ঠীটোৰ সম্পূর্ণ জনসংখ্যা নোহোৱা কৰা নহয়, কিন্তু জনগাঁথনি অতি সীমিত কৰি এই নৃগোষ্ঠীয় সম্প্রদায়সমূহক চীনৰ মূলসুঁতিৰ জনগোষ্ঠীৰ সৈতে চামিল কৰা৷ উল্লেখ্য যে বিশ্বৰ সংখ্যালঘু নীতি অনুসৰি উইঘুৰ, হান আদি চীনৰ নৃগোষ্ঠীয় সম্প্রদায়ে বিশ্বজুৰি বিভিন্ন সা–সুবিধা লাভ কৰি আহিছে৷ বিশেষকৈ বিদেশত অধ্যয়নৰ ক্ষেত্রত আসন, জলপানি লাভ আৰু নিয়োগৰ ক্ষেত্রত বিভিন্ন সুবিধা লাভ কৰিছে এই সংখ্যালঘুসকলে৷

এতিয়া এই নৃগোষ্ঠীয় সংখ্যালঘু লোকৰ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চীনৰ সংখ্যাগুৰু লোকসকল বঞ্চিত হোৱা বুলি অনুভৱ কৰাৰ পাছতে বেইজিং প্রশাসনে গোপনে আৰম্ভ কৰিছে গণহত্যা অভিযান৷ শিশুহত্যা, বলপূর্বক বন্ধ্যাকৰণ আদিৰ জৰিয়তে চলি থকা এই গণহত্যাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্র জোকাৰণি সৃষ্টি হৈছে বেইজিং প্রশাসনত৷ বহিঃবিশ্বৰ ৰাষ্ট্রসমূহে এই মানৱতাবিৰোধী কার্যকলাপৰ ক্ষেত্রত তীব্র পদক্ষেপ গ্রহণ কৰিলে চীন কমিউনিষ্ট পার্টী আন্তর্জাতিক পর্যায়ত বিপদত পৰাটো নিশ্চিত৷

You might also like