নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বিপদ ! ক’ৰোনাই ৰোগীৰ হাঁওফাঁওত সৃষ্টি কৰিছে জটিল–স্থায়ী সমস্যাৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পাই থকাৰ সময়তে আন এক নতুন বিপদে মূৰ দাঙি উঠিছে৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছে ৰোগীৰ হাঁওফাঁওত সৃষ্টি কৰিছে জটিল সমস্যা৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত স্পষ্টকৈ উল্লেখ কৰে যে ক’ৰোনাৰ ক্ষেত্রত এতিয়া অধিক সতর্কতাৰ প্রয়োজন৷

 সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ক’ৰোনাৰ লক্ষণ কোনো এজনৰ শৰীৰত আছে নে নাই, তাক লৈ বিতর্ক কৰাতকৈ স্বাস্থ্য বিভাগে এতিয়াৰে পৰা এজন লোকৰ চিটি ভেল্যুৰ পৰীক্ষাৰ প্রয়োজন আছে৷ সেয়েহে স্বাস্থ্য বিভাগে ক’ৰোনা আক্রান্ত হোৱা প্রতিজন লোকৰ বুকু স্কেন কৰাৰ চিন্তা–চর্চা কৰিছে৷ মন কৰিবলগীয়া যে সকলো আক্রান্ত ৰোগীৰে সংক্রমণ ঘটোৱাৰ ক্ষমতা আছেনে, তাক লৈ যোৱা সময়ছোৱাত চলি থকা নানা চর্চাৰ মাজতে স্বাস্থ্য বিভাগে ৰোগীসকলৰ চিটি ভেল্যু পৰীক্ষাত সর্বাধিক গুৰুত্ব দিছে৷ ব্যক্তি এজনৰ চিটি ভেল্যুৰ পৰিমাণৰ ওপৰতে তেওঁক দীর্ঘদিন আহছ’লিউচন কৰি ৰখা হ’ব অথবা সোনকালে চিকিৎসালয়ৰ পৰা ৰিলিজ কৰাৰ সিন্ধান্ত লোৱা হ’ব৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, যিসকল আক্রান্তৰ চিটি ভেল্যু বেছি, তেওঁলোকৰ লক্ষণ নাথাকিব৷ আনহাতে, যিসকল আক্রান্তৰ চিটি ভেল্যু কম, তেওঁলোকৰ লক্ষণ থাকিব৷

ইতিমধ্যে এই বিষয়টো ৰাষ্ট্রীয় সংবাদ মাধ্যমত বহুলভাৱে চর্চা হৈছে৷ সেয়েহে কোনো লোকৰ ক’ভিডৰ লক্ষণ আছে নে নাই, সেই বিতর্কত থকাতকৈ এতিয়াৰে পৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত বুকুৰ স্কেন কৰাত গুৰুত্ব আৰোপ কৰা হ’ব৷ বহু সময়ত ক’ভিড হৈ থকা সময়ত ৰোগীক বেছিকৈ আক্রমণ নকৰে৷ কিন্তু পৰৱর্তী সময়ত ক’ভিডৰ পৰা মুক্ত হোৱাত শৰীৰত অসুবিধাৰ সৃষ্টি হ’লে পৰীক্ষা কৰিলে এই ভাইৰাছে হাঁওফাঁওত স্থায়ীভাৱে ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷

উল্লেখ্য যে কোনো এজনৰ চিটি ভেল্যু ১৭–২৪ থাকিলে তেওঁক হাই ভাইৰেল লোড বুলি গণ্য কৰা হয়৷ একেদৰে কোনো এজনৰ চিটি ভেল্যু ৩১ৰ পৰা ৩৩ থাকিলে তেওঁক ল’ ভাইৰেল লোড বুলি চিনাক্ত কৰা হয়৷ চিটি ভেল্যু বেছি হ’লে শৰীৰত ভাইৰাছৰ পৰিমাণৰ কম হ’ব আৰু লক্ষণ নাথাকিব পাৰে৷ একেদৰে চিটি ভেল্যু কম হ’লে ভাইৰাছৰ পৰিমাণ বেছি হ’ব পাৰে আৰু লক্ষণ অধিক হ’ব পাৰে৷ চিটি ভেল্যু কম থকা লোকে অধিক সংক্রমণ ঘটোৱাৰ সম্ভাৱনা থাকে৷

You might also like