জোনাইত মুখ্যমন্ত্ৰী সোণোৱালৰে বিজেপি দলীয় কৰ্মীৰ বৈঠক
বানপানী আৰু গৰাখহনীয়াৰ সন্দৰ্ভত আলোচনা
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাত যোৱা মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জোনাইৰ চিয়াং লালী নদীয়ে বানে বিধস্ত কৰা অঞ্চলসমূহৰ বান আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয় ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে জোনাইৰ আবৰ্ত্ত ভৱনত ১১৪ নং জোনাই বিধান সভাৰ সমষ্টিৰ পাঁচ টা বিজেপিৰ মণ্ডল সমিতিৰ সৈতে এক আলোচনাত মিলিত হয়৷ এই আলোচনাতে জোনাই বিধান সভা সমষ্ঠিৰ বান বিধস্ত অঞ্চলৰ সমূহৰ সম্পূৰ্ণ তথ্য লৈ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে জোনাইৰ সমষ্টিৰ বাপীড়িত লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো সুবিধা প্ৰদান কৰা হব৷ লগতে বিজেপিৰ মণ্ডল সমিতিৰ কৰ্মী সকলক কয় বানপীড়িত লোক সকলৰ যাতে উপযুক্ত খাদ্য আৰু সামগ্ৰী সময় মতে পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব কয়৷ ইয়াৰ উপৰিও বিধান সভা সমষ্টিত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্টিৰ দলীয় স্থিতিৰ ওপৰত আলোচনা কৰে৷ এই আলোচনাত অংশগ্ৰহণ কৰে বিজেপিৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি প্ৰেম দত্ত, আৰ্টফেডৰ উপাধক্ষ্য ৰূপা কমান, দুলিয়াজান পাইপ লাইনৰ উপাধক্ষ্য অশ্বিনী পাইত , বিজেপিৰ ধেমাজি জিলাৰ উপসভাপতি গংগা পেগু, জেষ্ঠ বিজেপি নেতা মাৱব মুছাহাৰী আৰু বিমল বৰগোহাঞি, ধেমাজি জিলা আই টি চেলৰ পাৰ্থ ছেত্ৰী, পূৱ জোনাই মণ্ডল বিজেপি অধ্যক্ষ আদিত্য বৰুৱা, চিলাপথা টাউন বিজেপি মণ্ডলৰ সভাপতি লংকেশ্বৰ দাস, চিচিবৰগাঁও মণ্ডল বিজেপি অধ্যক্ষ নৰেন দলে, জোনাই মণ্ডল যুৱ মৰ্চাৰ অধ্যক্ষ প্ৰনৱ টায়ে, সম্পাদক প্ৰতাপ পাচাৰ , পূব জোনাই মণ্ডলৰ উপ সভাপতি কিশোৰ ভাগৱতী লগতে কেবাগৰাকী জেষ্ঠ বিজেপি নেতা উপস্থিত আছিল৷