আন্তঃৰাষ্ট্ৰীয়দেশ বিদেশ আহিছে ইতিবাচক বতৰাঃ ক’ৰোনা ভেকচিনৰ সফল পৰীক্ষণ সম্পন্ন By নিয়মীয়া বাৰ্তা On Jul 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বিশ্বজুৰি ক’ৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰি মৃত্যুদূত ৰূপে চিহ্ণিত হোৱাৰ সময়তে অক্স’ফর্ড বিশ্ববিদ্যালয়ৰ পৰা আহিছে ইতিবাচক বতৰা৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিন প্রস্তুতৰ বাবে সমগ্র বিশ্বৰ বিভিন্ন গৱেষণা প্রতিষ্ঠান, বিশ্ববিদ্যালয় আদিয়ে নিৰৱচ্ছিন্ন গৱেষণা অব্যাহত ৰখাৰ সময়তে অক্সফ’ড বিশ্ববিদ্যালয়ৰ এই সম্পর্কীয় গৱেষণাই লাভ কৰিছে অভূতপূর্ব সফলতা৷ ইতিমধ্যে মানৱ দেহত চলোৱা এই ভেকচিনৰ সফল সম্পৰীক্ষণে মহামাৰীপীড়িত বিশ্বলৈ কঢ়িয়াই আনিছে ।ইতিবাচক বার্তা৷ উল্লেখ্য যে অক্সফ’ড বিশ্ববিদ্যালয় জেনাৰ ইনষ্টিউটত ব্রিটিছ চৰকাৰ আৰু আছট্রা জেনেকা নামৰ ঔষধ কোম্পানীটোৰ সহযোগত ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিন প্রস্তুতৰ গৱেষণা যোৱা এপ্রিল মাহৰ পৰা আৰম্ভ হৈছে৷ ইতিমধ্যে এই ভেকচিনৰ মানৱ দেহত চলোৱা প্রথমটো সম্পৰীক্ষণৰ অন্তত ভেকচিনটোৱে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে দুগুণ প্রতিৰোধ গঢ়ি তুলিব পাৰে বুলি প্রমাণিত হৈছে৷ প্রথম পর্যায়ৰ সম্পৰীক্ষণত এই ভেকচিনটো স্বাস্থ্যৱান প্রাপ্তবয়স্ক লোকৰ শৰীৰত প্রয়োগ কৰা হৈছিল৷ ভেকচিনটো প্রয়োগ কৰাৰ পাছত এই লোকসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা দুগুণ বৃদ্ধি পোৱাৰ লগতে তেজ পৰীক্ষাৰ অন্তত শৰীৰত ৰোগ প্রতিৰোধ জীৱাণু অর্থাৎ এণ্টিব’ডী আৰু কিলাৰ–টি–চেলছ উৎপন্ন হোৱা বুলি প্রমাণিত হৈছে৷ ক’ৰোনা ভাইৰাছৰ আক্রমণ প্রতিৰোধ কৰিবলৈ মানৱ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অর্থাৎ ইমিউন ছিষ্টেম শক্তিশালী কৰাটো সবাতোকৈ জৰুৰী বুলি চিকিৎসকসকলে মত পোষণ কৰি আহিছে৷ অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দলটোৱে প্রস্তুত কৰা এই ভেকচিনটো এই দিশৰ পৰা যথেষ্ট পৰিমাণে সফল হোৱা বুলি ব্রিটিছ সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ অক্সফ’ডৰ বিজ্ঞানীসকলে সফলতা অর্জন কৰাChAdOx1 nCoV-19 নামৰ এই ভেকচিনটো সফল পৰীক্ষণৰ পাছত ব্রিটেইনৰ স্বাস্থ্য সচিব মাট হেনককে কয় যে অক্সফ’ডৰ বিজ্ঞানীৰ দলটোৱে লাভ কৰা সফলতাই আশাৰ বার্তা বহন কৰিছে৷ এই বর্ষৰ ভিতৰতে অথবা ২০২১ চনৰ প্রথম ভাগত ভেকচিনটো উপলব্ধ হ’ব বুলি আশা কৰা হৈছে৷ আনহাতে, বার্কশ্বায়াৰ ৰিছার্চ এথিকছ কমিটীৰ অধ্যক্ষ ডেভিদ কার্পেণ্টাৰে অক্সফ’ড বিশ্ববিদ্যালয়ৰ ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিনৰ পৰীক্ষাৰ ক্ষেত্রত অনুমোদন জনাইছে আৰু বিজ্ঞানীসকলক ইয়াৰ যি ধৰণৰ সংশোধনৰ প্রয়োজন, সেয়া কৰিবলৈ আহ্বান জনাইছে৷ তেওঁৰ মতে, এই পৰীক্ষা সম্পূর্ণভাৱে সফলতাৰ পথত৷ কার্পেণ্টাৰে জনোৱা মতে, এতিয়া অক্সফ’ডৰ বিজ্ঞানীৰ দলটোৱে চিকিৎসালয়, চিকিৎসালয়ত থকা ৰোগী, চিকিৎসক আৰু চিকিৎসা কর্মীয়ে লাভ কৰা তথ্যসমূহৰ পৰা নিজৰ গৱেষণা অধিক ফলপ্রসূ কৰাৰ প্রয়োজন৷ আনহাতে, এই ভেকচিন কেতিয়া উপলব্ধ হ’ব বুলি সোধা এক প্রশ্ণৰ উত্তৰত অধ্যক্ষজনে কয়– আমি কোনো ধৰণৰ নির্দিষ্ট তাৰিখ এই মুহূর্তত ক’ব নোৱাৰোঁ৷ কিন্তু বিশ্বৰ কোনো বৃহৎ ঔষধ কোম্পানীয়ে যদি এই ভেকচিন প্রস্তুতৰ ক্ষেত্রত পূর্ণ সহযোগিতা আগবঢ়ায়, তেতিয়াহ’লে ছেপ্ঢেম্বৰৰ ভিতৰত এয়া উপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷ তেনে লক্ষ্যৰেই অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দলটোৱে কাম কৰা বুলিও কার্পেণ্টাৰে জনায়৷ ইফালে বিশ্বৰ প্রখ্যাত ঔষধ কোম্পানী আষ্ট্রা জেনেকাই অক্সফ’ডৰ এই ভেকচিনৰ ৪ শ মিলিয়ন ড’জ প্রস্তুতৰ বাবে ইউৰোপৰ ইনক্লুচিভ ভেকচিনছ এলায়েন্সৰ সৈতে চুক্তিবদ্ধ হৈছে৷ এই চুক্তি অনুসৰি ঔষধ কোম্পানীটোৱে চলিত বর্ষৰ শেষৰ ফালে কোনো ধৰণৰ লাভ নোলোৱাকৈ ৪শ মিলিয়ন ভেকচিন যোগান ধৰিব বুলি প্রকাশ কৰিছে৷ উল্লেখ্য যে যোৱা ১৯ জুনত লণ্ডনৰ ইম্পেৰিয়েল কলেজত এই ভেকচিনৰ মানৱ দেহত প্রথম সম্পৰীক্ষণ চলিছিল৷ ৩০০জন প্রাপ্তবয়স্ক লোকৰ শৰীৰত প্রথমবাৰৰ বাবে এই ভেকচিন প্রয়োগ কৰি পৰীক্ষা চলোৱা হৈছিল৷ এই পৰীক্ষণৰ সফলতাৰ পাছত এতিয়া বিশ্বজুৰি ইয়াক লৈ ব্যাপক চর্চা হৈছে৷ উল্লেখ্য যে যিকোনো মহামাৰীসদৃশ ভাইৰাছ প্রতিৰোধী ভেকচিন প্রস্তুতৰ বাবে এক দীঘলীয়া সময়ৰ প্রয়োজন৷ কিয়নো এই ভেকচিনটো কিমান সুৰক্ষিত আৰু নিৰাপদ, সেয়া নির্ধাৰণ কৰিবলৈ বিজ্ঞানীসকলক কিছু সময়ৰ প্রয়োজন হয়৷ আনহাতে, এই ভেকচিনটোৰ পৰা হ’ব পৰা ছাইড এফেক্ট আৰু এজন মানুহক কিমান পৰিমাণৰ ড’জৰ প্রয়োজন, সেয়াও ভেকচিন প্রস্তুতৰ সময়তেই নিশ্চিত হ’ব লাগিব৷ তাৰ পাছতহে যিকোনো ধৰণৰ ভেকচিন ব্যৱসায়িকভাৱে উপলব্ধ হয়৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছে বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰাৰ লগতে লাখ লাখ লোকৰ মৃত্যু হোৱাৰ পাছত এই ভাইৰাছ প্রতিৰোধী ভেকচনক লৈ সমগ্র বিশ্বই অধীৰ অপেক্ষাত আছে৷ ইতিমধ্যে আমেৰিকা, জার্মানী, ৰাছিয়া, ইটালী, ব্রিটেইন, ভাৰত, চীন আদি দেশত বিভিন্ন পর্যায়ত ভেকচিন প্রস্তুতৰ গৱেষণা অব্যাহত আছে৷ এনে গৱেষণাৰ মাজতে অক্সফ’ড বিশ্ববিদ্যালয়ৰ মানৱ দেহত চলোৱা সম্পৰীক্ষণৰ সফলতা এক মাইল ষ্ট’ন হিচাপে বিবেচিত হৈছে৷ Featured Share