নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাবাটত বিধ্বস্ত পথ মেৰামতিত নামিল ৰাইজ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বাৰিষাৰ দুই এজাক বৰষুণতে অতি কদৰ্যময় হৈ পৰা একাংশ পথ এতিয়া ৰাইজে নিজৰ গাঠিৰ ধন খৰচ কৰি মেৰামতি কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো দিন পকীকৰণৰ মুখ নেদেখা মহকুমাটোৰ সীমান্তৱৰ্তী বেকাজান পঞ্চায়তৰ এখন গাওঁ হৈছে মিলনভূমি। নগাবাটৰ গাতে লাগি থকা এই মিলনভূমি গাঁওবাসীয়ে প্ৰতিবছৰে বাৰিষাৰ সময়ত পথৰ দুৰৱস্থাৰ অৱস্থাৰ বাবে দুৰ্ভোগ ভুগিব লগা হয়।

পথটোৰ মেৰামতিৰ ক্ষেত্ৰত গাওঁবাসীয়ে বাৰে বাৰে চৰকাৰক অনুৰোধ জনাই আহিছে যদিও প্ৰতিখন চৰকাৰে মাথো একোটা গোকাত মিছা প্ৰতিশ্ৰুতি দিয়েই বছৰে বছৰে দায়িত্ব সামৰে বুলি ৰাজহুৱা অভিযোগ উঠিছে। পৰিতাপৰ বিষয় যে পথটোত চৰকাৰীভাবে আজিকোপতি এগাৰী শিল বালিয়ো নপৰিল। বৰ্তমান গাওঁখনৰ সন্মুখভাগত ইমানেই বোকাময় আৰু দ গাঁতৰ সৃষ্টি হৈছে যে বাইক-গাড়ীতো বাদেই চাইকেল এখনো পাৰ কৰিব নোৱাৰা হৈ পৰিছে।

উপায়হীন হৈ আজি গাঁৱখনৰ বহুকেইজন সচেতন যুৱকে মিলি সম্পূৰ্ণ নিজা প্ৰচেষ্টাত পুৱাৰ পৰাই পথটোৰ শ্ৰমদান কাৰ্যসূচী আৰম্ভ কৰে। নিজৰ সাঁচতীয়া ধন সংগ্ৰহ কৰি কিছুপৰিমানে শিল-বালি, মাটি পেলাই পথটো যেনেতেনে যাতায়তৰ উপযোগী কৰি তোলে। ভুক্তভোগী সচেতন ৰাইজৰ অভিযোগ যে, সমষ্টিটোৰ বিধায়ক তৰুণ গগৈয়েও দীৰ্ঘদিনে পথটোৰ পকীকৰণৰ ক্ষেত্ৰত চূড়ান্ত গুৰুত্বহীনতা প্ৰদৰ্শন কৰি আহিছে। নিৰ্বাচনৰ সময়ত মন্ত্ৰী-সাংসদ, বিধায়কে ভোট বিচাৰি আহি পথটো পকী কৰি দিম বুলি দিয়া অলেখ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতিহৈয়ে ৰৈছে। পুণৰবাৰ সংবাদ মাধ্যমৰ জৰিয়তে মিলভূমিগাঁওবাসীৰ আহ্বান যে বিজেপি চৰকাৰে সময় থাকোতেই তেওঁলোকৰ গাওঁখনৰ পথটোৰ শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা কৰক। অন্যথা আগন্তুক নিৰ্বাচনত ইয়াৰ উত্তৰ দিব বুলিও সকিয়াই দিছে ৰাইজে।

You might also like