নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ সংহাৰী ক’ৰোণা মহামাৰীৰ সংক্ৰমণৰ সমান্তৰালভাৱে অসমত বান আৰু গৰাখহনীয়া সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰি জুৰুলা কৰি পেলাইছে নৈ পৰীয়া ৰাইজক । খৰালিৰ সময়ছোৱাত দুৰ্বল মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণ নকৰাৰ লগতে খহনীয়া ৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি অসম চৰকাৰৰ জলসম্পদ বিভাগে নৈ-পৰীয়া জনতাক এক দুৰ্য্যোগপূৰ্ণ বিভীষিকাৰ মাজলৈ ঠেলি দিছে ।
এই মন্তব্যৰে শাসনাধিষ্ঠ চৰকাৰখনৰ প্ৰতি তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিকে । ৰাজ্যৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলৰ লগতে দুলীয়াজান সমষ্টিৰ টিপলিং গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণ গাঁৱত বুঢ়ীদিহিং নৈৰ প্ৰৱল খহনীয়াই কুৰি ঘৰতকৈ অধিক পৰিয়ালৰ ঘৰ, কৃষি-মাটি আদি বুঢ়ীদিহিংৰ বুকুত ইতিমধ্যে জাহ গৈছে। ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহে এতিয়া মথাউৰিতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।
কিন্তু দুৰ্ভাগ্যজনক কথা যে এতিয়ালৈকে এই নিঃস্ব পৰিয়ালসমূহক সকাহ দিবৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । এই সন্দৰ্ভত আছু দুলীয়াজান আঞ্চলিকে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক তৎকালীনভাৱে আশ্ৰয় প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী, ঔষধ আৰু অন্যান্য সা সুবিধা প্ৰদানৰো ব্যৱস্থা গ্রহণ কৰক।
দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক দিপাংকৰ গগৈয়ে বিবৃতিৰ জৰিয়তে উল্লেখ কৰে যে- কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ পঞ্চায়ত লগতে মন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত থকা বামুণগাঁও অঞ্চলত খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দুৰ্ভগীয়া পৰিয়াল কেইটাৰ সৈতে চৰকাৰী কোনো প্ৰতিনিধিয়ে দুৰ্দশাৰ খবৰ নোলোৱাতো অতি দুৰ্ভাগ্যজনক । এই সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে। জনপ্ৰতিনিধিয়ে দুৰ্দশাৰ বুজ লৈ পৰিয়াল সমূহক নূন্যতম সা-সুবিধা প্ৰদান কৰক।
ইফালে সদৌ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বুঢ়ীদিহিংৰ খহনীয়াত জাহ যোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক সাক্ষাৎ কৰি দুৰ্দশাৰ বুজ লয় আৰু লগতে ছাত্ৰ সন্থাৰ তৰফৰ পৰা পাৰ্যমানে সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ছাত্ৰ নেতা গৰাকীয়ে স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালাক চোকা ভাষাৰে সমালোচনা কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ।
ছাত্ৰ সন্থাৰ সজাঁতি দলটোৰ পৰিদৰ্শনৰ কালত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহে অভিযোগ কৰি কয় যে বিগত বছৰ বছৰ ধৰি এই খহনীয়া অব্যাহত আছে । ইতিমধ্যে বহু ঘৰ-বাৰী নৈত জাহ গৈছে, এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰা নাই। মন্ত্ৰী তেলী আৰু বিধায়ক গোৱালাই কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে ভোট বিচাৰিবলৈ আহে কিন্তু আমাৰ এই দূৰ্দশা সময়ত আজিলৈকে আহি পোৱা নাই।
ছাত্ৰ সন্থাই এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় খাদ্য সামগ্ৰী, শিশু খাদ্য, গৰ্ভৱতী মহিলাৰ লগতে মাতৃৰ খাদ্য, ৰোগীৰ ঔষধ আৰু অত্যাৱশ্যকীয় সা-সামগ্ৰী প্ৰদানৰ লগতে অতিশীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনাই ।