নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি আকাশৰ তললৈ ওলাল ধৈর্য কোঁৱৰ বিতু সোণোৱাল

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ সুদীর্ঘ ২২০ দিনৰ বন্দিত্বৰ পাছত  কাৰামুক্ত হ’ল কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি বিতু সোণোৱাল৷ যোৱা শুকুৰবাৰে দুয়োগৰাকী নেতাই জামিন লাভ কৰিছিল যদিও ক’ৰোনাত আক্রান্ত হোৱা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ কালি তেওঁলোকৰ ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পাছত আজি চিকিৎসালয়ৰ পৰাই মুকলি কৰি দিয়া হয়৷ যোৱা ডিচেম্বৰ মাহৰ পৰাই ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ (নিয়া) গোচৰত কাৰাবন্দী হৈ আছিল ধৈর্য কোৱৰ আৰু বিতু সোণোৱাল৷’

কাৰামুক্ত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত ধৈর্য কোঁৱৰে কয় যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন আগন্তুক দিনত অধিক শক্তিশালী ৰূপত গঢ়ি তোলা হ’ব৷ লগতে সাম্প্রদায়িক আৰু ফেচীবাদী বিজেপি, আৰ এছ এছৰ বিৰুদ্ধেও সংগ্রাম অব্যাহত থাকিব৷ যেতিয়ালৈকে বিজেপি আৰু আৰ এছ এছক ক্ষমতাৰ পৰা উৎখাত কৰিব পৰা নাযায়, তেতিয়ালৈকে অসমীয়া জাতিৰ ভৱিষ্যৎ নিৰাপদ নহয় বুলিও কৃষক মুক্তিৰ সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে৷

ইফালে, ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি বিতু সোণোৱালে কয় যে জনবিৰোধী বিজেপি চৰকাৰে দেশত সাম্প্রদায়িক ৰাজনীতি আৰম্ভ কৰাৰ লগে লগে এটাৰ পাছত আন এটা সম্পদ বিক্রী কৰি গৈছে৷ একেদৰে অসমৰ কোনো এটা সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰেও দিহিং পাটকাইৰ দৰে অভয়াৰণ্যক ধ্বংসৰ দিশলৈ ঠেলি দিছে৷ এতিয়াৰে পৰা চৰকাৰৰ প্রতিটো জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সবল প্রতিৰোধ গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰি বিতু সোণোৱালে ‘কা’বিৰোধী আন্দোলন পূর্বতকৈও শক্তিশালী কৰাৰ হুংকাৰ দিয়ে৷

You might also like