নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাপপ্রৱাহ

গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ পৰা পৃথিৱী গ্রহক ৰক্ষা কৰাৰ লক্ষ্যৰেই ২০১৫ চনত সম্পাদিত হৈছিল পেৰিছ জলবায়ু চুক্তি৷ ৰাষ্ট্রসংঘৰ ‘ৱর্ল্ড মেটেৰ’লজিকেল অর্গেনাইজেচন’ (ডব্লিউ এম অ’)ৰ ইতিপূর্বে প্রকাশিত এক গুৰুত্বপূর্ণ প্রতিবেদনত উল্লেখ কৰা হৈছিল যে প্রাক–শিল্পযুগ (১৮৫০–১৯০০)ৰ তুলনাত পৃথিৱীৰ উত্তাপ সম্প্রতি ১.১ ডিগ্রী চেলছিয়াছতকৈও অধিক বৃদ্ধি পাইছে৷ প্রধানতঃ গ্রীন হাউছ গেছৰ নিঃসৰণ প্রতিনিয়ত বৃদ্ধি পাবলৈ ধৰাৰ ফলতেই পৃথিৱীৰ ইতিহাসত চলিত দশকটো সর্বাধিক গৰম ৰূপে চিহ্ণিত হৈছে৷ এনে অৱস্থাত পৃথিৱীৰ বর্ধিত তাপমাত্রা ২ ডিগ্রী চেলছিয়াছৰ তলত সীমাবদ্ধ কৰি ৰখাৰ হকে পেৰিছ জলবায়ু চুক্তিৰ জৰিয়তে সহমতত উপনীত হৈছিল বিশ্বৰ প্রায় ২০০খন দেশ৷ কিন্তু বাস্তৱ চিত্রখন দিনকদিনে জটিল হৈ গৈ আছে৷ পৰিণতিত সমগ্র মানৱ জাতি– তথা পৃথিৱী গ্রহলৈ নামি আহিছে গভীৰ সংকট৷ মানৱসৃষ্ট প্রদূষণৰ ফলত হোৱা জলবায়ু পৰিৱর্তনে যে ভৱিষ্যৎ প্রজন্মলৈ বিপদ কঢ়িয়াই আনিছে তেনে নহয় ইয়াৰ কুফল ইতিমধ্যে পৃথিৱীৰ বর্তমানৰ বাসিন্দাসকলেও ভোগ কৰিবলগীয়া হৈছে৷ ডব্লিউ এম অ’ৰ প্রতিবেদনখনত এই সন্দর্ভত সন্নিৱিষ্ট কৰা এক উদ্বেগজনক তথ্য অনুসৰি বিগত ২০১৯ চনৰ প্রথম ছমাহত এক কোটিৰো অধিক লোকে নিজৰ ভেটি–মাটি এৰি আশ্রয়ৰ বাবে আন স্থানলৈ ঢ়াপলি মেলিবলগীয়া হৈছিল৷ ইয়াৰে ৭০ লাখ মানুহে এইদৰে ঘৰ–দুৱাৰ এৰাৰ মূলতে আছিল খৰাং–বানপানী আদিৰ দৰে জলবায়ু পৰিৱর্তনজনিত কাৰক৷ গোলকীয় উষ্ণতাৰ ভয়াৱহতাক লৈ সমগ্র বিশ্বতে ইতিমধ্যে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ প্রয়াস অব্যাহত আছে৷ মানুহেও কম–বেছি পৰিমাণে এই বিষয়টো অৱগত৷ ইয়াৰ পিছতো অতি পৰিতাপৰ কথা যে মানৱসৃষ্ট প্রদূষণ হ্রাস পোৱা নাই৷ একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ যুগত মানুহ কেৱল দৌৰিছে উন্নয়ন আৰু সমৃদ্ধিৰ পিছত৷ ধ্বংস কৰা হৈছে সেউজ বনাঞ্চল৷ কয়লা, পেট্র’ল, ডিজেল আদিৰ দৰে জীৱাশ্মৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে৷ পৰিণতিত বায়ুমণ্ডলত ব্যাপক মাত্রাত বৃদ্ধি পাইছে কার্বন–ডাই–ক্সাইডৰ্ পৰিমাণ৷ গ্রীন হাউছ গেছৰ ৯০ শতাংশ তাপ শুহি লয় সমুদ্রই৷ যাৰ বাবে সাগৰপৃষ্ঠৰ তাপমাত্রায়ো অভিলেখ গঢ়িছে৷ বিগত ডেৰশ বছৰৰ তুলনাত সাগৰৰ পানীৰ অম্লতা সম্প্রতি ২৫ শতাংশ বৃদ্ধি পোৱা বুলি একাংশ পৰিৱেশ বিজ্ঞানীয়ে দাবী কৰিছে৷ এনেদৰে তাপমাত্রা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে পৃথিৱীৰ সর্ববৃহৎ বৰফাবৃত অঞ্চল গ্রীনলেণ্ডত অভাৱনীয়ভাৱে বৰফ গলিবলৈ ধৰিছে৷ যাৰ কাৰণে বৃদ্ধি পাইছে সাগৰপৃষ্ঠৰ গড় উচ্চতাও৷ মুঠৰ ওপৰত গোলকীয় উষ্ণতাই পৃথিৱী গ্রহক এক ভয়ংকৰ অৱস্থাৰ মাজলৈ ঠেলি দিছে৷ সেয়েহে প্রত্যেকেই এইক্ষেত্রত সচেষ্ট হোৱাটো সময়ৰ দাবী হৈ পৰিছে৷
পৃথিৱীৰ জলবায়ুৰ কিদৰে দ্রুত পৰিৱর্তন ঘটিছে, তাৰ শেহতীয়া এক উদাহৰণ হ’ল– উত্তৰ গোলার্ধৰ শীতার্ত স্থান হিচাপে চিহ্ণিত ছাইবেৰিয়াৰ ভাৰখয়ানস্ক৷ সাধাৰণতে জুলাই মাহত ভাৰখয়ানস্কত সর্বাধিক গৰম পৰে আৰু সেই মাহটোত গড় তাপমান হয় ১৬.৫ ডিগ্রী চেলছিয়াছ৷ কিন্তু চলিত বর্ষৰ জুন মাহত ভাৰখয়ানস্কৰ তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছ হৈছিলগৈ৷ অকল সেয়াই নহয়, ইউৰোপৰ পৰিৱেশ আৰু বতৰ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি জানুৱাৰীৰ পৰা জুন মাহলৈ এইবাৰ ছাইবেৰিয়াৰ গড় তাপমাত্রা ৫ ডিগ্রী চেলছিয়াছ বেছি আছিল৷ এনে আশ্চর্যজনক তাপপ্রৱাহৰ ফলত অঞ্চলটোৰ ১১ লাখ হেক্টৰ বনভূমি জ্বলি ছাৰখাৰ হোৱা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ নিশ্চিতভাৱে এই বনজুয়ে বায়ুমণ্ডলত বিয়পাই দিছে মাত্রাধিক কার্বন–ডাই–ক্সাইড৷ যদিহে গোলকীয় উষ্ণতা নিয়ন্ত্রণ সম্ভৱ হৈ নুঠে এনেধৰণৰ ঘটনা হয়তো পৃথিৱীৰ প্রান্তে প্রান্তে সংঘটিত হ’ব৷ এই বিষয়টোক বিশ্ব সমুদায়ে অতি গুৰুত্ব সহকাৰে লৈ হাতে–কামে আগবঢ়া উচিত৷

You might also like