নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বানৰ সমাধানসূত্র বিচাৰি তৰুণনগৰ–অনিলনগৰত মন্ত্রী সিদ্ধার্থ ভট্টাচার্য

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ মহানগৰীৰ এক দীর্ঘদিনীয়া সমস্যা হৈছে কৃত্রিম বানৰ সমস্যা৷ বছৰ বছৰ ধৰি এই সমস্যাত জীয়াতু ভুগি আহিছে মহানগৰৰ বাসিন্দাই৷ কৃত্রিম বানৰ কাৰণ আৰু ইয়াৰ সমাধানসূত্র বিচাৰি তৰুণ নগৰত উপস্থিত হয় গুৱাহাটী উন্নয়ন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য৷ মন্ত্রীগৰাকীৰ আগত অঞ্চলটোৰ সমস্যাসমূহ দাঙি ধৰাৰ চেষ্টা কৰাৰ লগতে ইয়াৰ বাবে চৰকাৰী ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনায় স্থানীয় বাসিন্দাসকলে৷ মন্ত্রীগৰাকীয়েও সকলো সমস্যাৰ বুজ লৈ শীঘ্রেই সমাধান কৰাৰ আশ্বাস প্রদান কৰে৷ এইবাৰ যোৱা ১৪ বছৰৰ পিছত মহানগৰীৰ বিভিন্ন প্রান্তত জলপৃষ্ঠ সর্বাধিক হৈছে৷ ঠায়ে ঠায়ে বিপদসীমাৰ ৩.৫ ফুট ওপৰলৈ উঠিছে পানী৷ তাৰ বাবেই মহানগৰীত পানী বেছি হৈছে৷ পানী বেছি হোৱাৰ বাবে দায়ী পাহাৰৰ একাংশ বাসিন্দাও৷ পাহাৰৰ একাংশ বাসিন্দাই মাটিসমূহ কাটি এনেই থৈ দিয়ে৷

বৰষুণৰ পানীয়ে সেই মাটিসমূহ বোৱাই লৈ আহি নলা–নর্দমা আদি পুতি পেলায়, তাৰ বাবেও পানী হয়৷ একাংশ লোকে বটল, প্লাষ্টিক মোনা, পেকেট আদি নলাত পেলায়, যাৰ ফলত নলাসমূহে পানী বোৱাই নিব নোৱাৰে৷ ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰি কৃত্রিম বানৰ সৃষ্টি কৰে৷ আনহাতে, এতিয়া গুৱাহাটীত যিমান পানী সিঁচা মেচিন আছে, সেয়া পর্যাপ্ত নহয় বুলিও মত ব্যক্ত কৰে সিদ্ধার্থ ভট্টাচার্যই৷ আৰু মেচিন আনিব লাগে, কিন্তু বন্ধ হৈ থকা কাৰণে আনিব পৰা নাই৷ অর্ডাৰ দিলেও আহি পোৱালৈ বাৰিষা যাব৷ সেয়ে যিখিনি মেচিন আছে, সেইখিনিৰেই কাম কৰাৰ আশ্বাস মন্ত্রীগৰাকীৰ৷

লকডাউনৰ বাবে মহানগৰীৰ বহু নির্মীয়মাণ নলা–নর্দমাৰ কাম আধৰুৱাকৈ থাকি গ’ল৷ শ্রমিক, মিস্ত্রী ঘৰলৈ গুচি গ’ল৷ যাৰ বাবে আধৰুৱা নলাসমূহেৰে পানী ওলাই যাব পৰা নাই৷ ব্রহ্মপুত্রৰ পানী বঢ়া বাবে শ্লুইচ গেটসমূহ বন্ধ কৰি দিব লগা হ’ল৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, মুখ্য অভিযন্তা দেৱজিৎ দাস, জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া উমানন্দ দলে, গডকাপ্ঢানী বিভাগৰ কার্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালী, জলব’ডৰ অভিযন্তাৰ লগতে অ’ এছ ডি নাৰায়ণ আগৰৱালা, অতিৰিক্ত উপায়ুক্ত পুলক মহন্তৰ উপস্থিতিত স্থানীয় ৰাইজৰ অভিযোগৰ সকলো দিশ পর্যালোচনা কৰি শীঘ্রে সমস্যা সমাধানৰ আশ্বাস দিলে মন্ত্রীগৰাকীয়ে৷

You might also like