বাগসাৰ দাওৰাইঝাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ বনাঞ্চল ধ্বংসই বিপদ মাতিছে বন্য জীৱ জন্তুলৈ।বাগসাৰ ভাৰত ভূটান সীমান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি অকাল মৃত্যুক সাৱটি লবলগীয়া হৈছে এটি বন্যহস্তীয়ে।
জানিব পৰা মতে যোৱা নিশা বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিছিল এটি বৃহত বন্যহস্তীৰ জাক।উক্ত জাকটোৰ পৰা ফালৰি কাটি যোৱা এটি মাইকী বন্যহস্তীয়ে এডাল গছৰ পাত খাবলৈ ধৰা সময়তে উচ্ছ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাৰ হাতীটোৰ শুৰডাল লাগি যায়।ফলত ঘটনাস্থলিতে বন্যহস্তীটো মৃত্যুমুখত পৰা বুলি স্থানীয়লোকে জানিবলৈ দিয়ে।উল্লেখ্য যে সীমান্তৱৰ্তী অঞ্চলটোক দিনক দিনে বৃদ্ধি পাই আহিছে বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত।
সীমান্তৱৰ্তী অঞ্চলটোৰ গাও সমুহত প্ৰায়ে বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাগি লণ্ড ভণ্ড কৰাৰ উপৰিও কৃষি ভূমিৰ শস্য খাই তহিলং কৰি আহিছে।যাৰ ফলত বহু সময়ত সমুখ সমৰত মানুহ আৰু বন্যহস্তী সংঘাটত লিপ্ত হৈ আহিছে।ফলত কেতিয়াবা যদি মানুহৰ মৃত্যু হৈছে আন কেতিয়াবা আকৌ বন্যহস্তীও মৃত্যু মুখত পৰি আহিছে।তৎসত্বেও ৰাজ্যৰ বন বিভাগে বৰ্তমানেও মানুহ আৰু হাতীৰ সংঘাত ৰোধ কৰিব পৰা নাই।সীমান্তৱৰ্তী গঞালোকে জানিবলৈ দিয়া মতে নিশা বন্যহহস্তীৰ উপদ্ৰপৰ বিষয়ে বন বিভাগৰ লোকক অৱগত কৰিলেও উপস্থিত নহয় বন বিভাগৰ কোনো লোক।যাৰ বাবে গাঁওবাসীয়ে টৰ্চ লাইট,জুই শিখা আৰু ফটকা ফুটাই বন্যহস্তী খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিব লগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে।