নিয়মীয়া বাৰ্তা, ২০ জুলাই : জাগীৰোডৰ বহা-ভকতগাঁও সংযোগী পথৰ সৰুকুলৈত কপিলীৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ। মৰিগাঁও জিলা গড়কাপ্টানী বিভাগৰ অধীনৰ জাগীৰোডৰ ডিমৰুগুৰী-কমাৰপুৰ পথৰ এই সৰুকুলৈ নামে গাঁওখনত খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে | এই পথচোৱা কপিলী নৈয়ে খহাই নিলে স্থানীয় সৰুকুলৈ , বৰকুলৈ , ছটাৱৰী , বহা , বৰপাক, দিপ্ৰাং, বৰজাৰী আহি কুৰি খনৰো অধিক গাঁৱৰ বাবে যাতায়াত ব্যাহত হৈ পৰিব । ইতিমধ্যে পথটোৰ এটা অংশ খহনীয়াৰ কৱলত পৰিছে । এই লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী ।গাঁওবাসীয়ে ভয়ংকৰ ৰূপ লোৱা খহনীয়া ৰোধ কৰিবলৈ বাঁহ, জেং আদি ব্যৱহাৰ কৰি কেইবাদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও ফল ধৰা নাই । সম্প্ৰতি স্থানীয় লোকে পথটোৰে যাতায়ত বন্ধ কৰি দিছে । এই গৰাখহনীয়া ৰোধ সন্দৰ্ভত গড়কাপ্টানী বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰংবাৰ দাবী জনাই আহিছে যদিও স্থানীয় ৰাইজৰ দাবীক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । ৰাইজৰ আশংকা পথটো কপিলীৰ তীব্ৰ সোঁতত ছিঙিবলৈ বেছি পৰ নালাগিব । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই এই খহনীয়া পৰিদৰ্শন কৰিছিল যদিও গড়কাপ্টানী বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে বুলি আজি স্থানীয় ৰাইজ বিভাগটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । লগতে অতি শীঘ্ৰে এই খহনীয়া ৰোধ কৰি পথটো সুৰক্ষিত কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ।