অসম গৌৰৱ গঁড়ৰ জীৱনক লৈ হেতালি বন বিভাগৰঃবন বিভাগে নহয়, সমাজ কৰ্মীয়েহে যোগান ধৰিলে খাদ্য
গুৱাহাটীৰ চিৰিয়াখানালৈ নিবলৈ অসমৰ্থ হৈ ঘূৰি গ'ল বিষয়া
নিয়মীয়া বাৰ্তা ২০ জুলাই : কলিয়াবৰৰ কুঠৰীৰ সমীপৰ দেওচোৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ পানী যুঁৱলীত আজিওআশ্ৰয় লৈ থকা অসুস্থ গঁড়টোকলৈ উদ্যান কৰ্তৃপক্ষই চৰম অবহেলা কৰা বুলি ৰাইজে অভিযোগ কৰিছে । স্বাস্থ্য, বিত্ত আৰু গড়কপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙা ভ্ৰমনক লৈ ব্যস্ত হৈ পৰা কাজিৰঙাৰ বন বিভাগে পিঠি দিলে অসুস্থ গঁড়টোলৈ । উল্লেখ্য যে বিগত ৪ দিন ধৰি ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আশ্ৰয় লৈ থকা অসুস্থ গঁড়টোক আজি খাদ্যৰ যোগান ধৰিলে জখলাবন্ধাৰ জীতেন গৌড় নামৰ এগৰাকী যুৱ সমাজকৰ্মীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ চৰম হেমাহিৰ বাবে অসম গৌৰৱ গঁড়টোৰ এনে দুৰৱস্থা হোৱা বুলি ৰাইজে মন্তব্য কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কৱলত পৰাৰ পাছতে খাদ্যৰ সন্ধানত দিশহাৰা হৈছিলএই গঁড়টো । অসুস্থ গঁড়টো ৰাজ্যিক চিৰিয়াখানালৈ নিবৰ বাবে এএছ 0৭ এচি ৩৫৫২ নম্বৰৰ এখন ট্ৰাক আৰু তিনিগৰাকী বিষয়া তিনি দিন ধৰি কুঠৰীত বাহৰ পাতি থকাৰ পাছত আজি বিয়লি বিষয়া তিনিগৰাকী গুৱাহাটীলৈ ৰাওনা হৈছে । অসুস্থ হৈ পৰাৰ বাবেই গঁড়টোক নিবলৈ অসমৰ্থ হ’ল বুলি কাজিৰঙাৰ ডি এফ অ ৰমেশ গগৈয়ে এই প্ৰতিবেদকক জানিবলৈ দিছে । গঁড়টোৰ স্বাস্থ্যৰ অবনতি ঘটাৰ বাবেই ট্ৰেংকুলাইজ কৰিব পৰা লগল বুলিও লগতে জনাইছে ।
উল্লখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য আৰু ওখ ঠাইৰ সন্ধানত ওলাই অহা গঁড়টো ১৭ জুলাইত ইয়াৰ বান্দৰডুবীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈছিলহি । কেইবাদিনো অনাহাৰে থকা গঁড়টোৱে এটা সময়ত শুই পৰিছিল ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে । কিন্ত অসম চৰকাৰৰ বিয়াগোম বন বিভাগ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কতৃপক্ষই সামান্য চিকিৎসা প্ৰদান কৰিয়েই দ্বায়িত্ব সামৰাৰ পাছত অসুস্থ গঁড়টো ৰাষ্ট্ৰীয় পথৰ দাতিতে পানী যুঁৱলীত ওপঙি ওপঙি মানুহৰ মুখলৈ চাই ৰৈছিল । বন বিভাগে যোগান ধৰা নাছিল পৰ্যাপ্ত খাদ্য । চিকিৎসকে ঔষধ খোৱাবৰ বাবেহে নামমাত্ৰ ঘাঁহৰ ব্যৱস্থা কৰি ঔষধ মিহলোৱা ঘাঁহ খাবলৈ দিয়েই দ্বায়িত্ব সামৰিছিল বিশ্বত অসমক চিনাকি দিয়া এশিঙীয়া অসহায় তথা অসুস্থ গঁড়টোক । অবশেষত আজি জখলাবন্ধাৰ যুৱ সমাজ কৰ্মী তথা বিজেপি দলৰ জিলা পৰিষদৰ সদস্য জিতেন গৌড়ে বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামীৰে যোগাযোগ কৰি এখন ট্ৰেক্টৰত পৰ্যাপ্ত ঘাহৰ যোগান ধৰে । পৰবৰ্তি সময়তো প্ৰয়োজন অনুসৰি ঘাঁহৰ যোগান ধৰিব বুলি জানিবলৈ দি কয় বন বিভাগে অসুস্থ গঁড়টোৰ অতি সোনকালে সু- চিকিৎসাৰ ব্যৱস্থা কৰক । জিতেন গৌড়ৰ এই পদক্ষেপক আদৰণি জনাইছে প্ৰকৃতিপ্ৰেমী ৰাইজে ।