নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ক’ৰনা ভাইৰাছৰ ভয়ত অত দিনে আতংকিত পেঙেৰীবাসীৰ মনত আজি দুগুণে বৃদ্ধি পালে আতংকৰ হাৰ। কাৰণ আজি পেঙেৰীৰ একমাত্ৰ চৰকাৰী স্বাস্থ্যানুষ্ঠান পেঙেৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ হিৰণ্যজিৎ গোহাঁইৰ দেহত ধৰা পৰিছে ক’ভিড- ১৯। উল্লেখ্য যে ডাঃ গোহাঁইয়ে যোৱা ১৫ জুলাই তাৰিখে কাঁহ- জ্বৰ আদিত পত্নী আক্ৰান্ত হোৱাৰ বাবে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ নিছিল। উক্ত দিনা পত্নীৰ সতে কোনো ৰোগৰ লক্ষণ নথকা চিকিৎসক স্বামীয়েও স্বাৱ টেষ্ট কৰাইছিল। কিন্তু আজি পুৱা চিকিৎসালয়ৰ অধীক্ষকৰ পৰা লাভ কৰা ফোন কলৰ জৰিয়তে চিকিৎসকগৰাকীয়ে জানিব পাৰে যে লেব’ৰেটৰী পৰীক্ষাত তেওঁৰ দেহত ক’ভিড- ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে পত্নীৰ ফলাফল নেগেটিভ। তেওঁ সম্প্ৰতি পেঙেৰীৰ পৰিৱৰ্তে তিনিচুকীয়াৰ বৰদলৈ নগৰৰ এটা ফ্লেট(ভাৰাঘৰ)ত পত্নীৰ সতে বসবাস কৰে। তেওঁক তাৰে পৰাই চিকিৎসাৰ বাবে বিভগীয় লোকে লৈ যায়। ইয়াৰ পূৰ্বে প্ৰিয়া জয়ছোৱাল নামৰ পেঙেৰীৰ এগৰাকী বোৱাৰীৰ দেহত ক’ৰনা ভাইৰাছ ধৰা পৰিছিল যদিও তেওঁ ইতিপূৰ্বে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যায়। ইপিনে পেঙেৰীত শেহতীয়াকৈ চৰকাৰীভাৱে বান্ধি দিয়া কোনোধৰণৰ সতৰ্কতামূলক ব্যৱস্থা মানি চলা পৰিলক্ষিত নোহোৱাৰ অভিযোগ উঠিছে। ইয়াত শনি আৰু ৰবিবৰীয়া লকডাউনো উলংঘা কৰাৰ অভিযোগ আছে। আজি চিকিৎসকগৰাকীৰ দেহত ক’ৰনা ভাইৰাছ ধৰা পৰাৰ পাছত স্বাভাৱিকতেই সচেতন মহলৰ মাজত আতংকই বিৰাজ কৰিছে। ডাঃ গোহাঁইৰ মতে পেঙেৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি স্বাস্থ্য বিভাগে চিকিৎসালয়ৰ পঞ্জীয়ন নথি অনুসৰি শেহতীয়াকৈ চিকিৎসালয়খনলৈ যোৱা ৰোগীসকলৰ লগতে সংশ্লিষ্ট পৰিয়ালসমূহৰ সদস্যৰ স্বাৱ টেষ্ট সংগ্ৰহ কৰি কোৱাৰেনটাইনৰ ব্যৱস্থা গ্ৰহণ কৰিব