নিয়মীয়া বাৰ্তা ২১ জুলাই : নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত ক’ৰ’নাৰ সংক্ৰমণ ঘটাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে। যাৰবাবে মঙলবাৰে কাৰ্যালয়টো ছীল কৰি দিয়ে নগাঁও জিলা প্ৰশাসনে । যুটীয়া স্বাস্হ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ কনিষ্ঠ কাৰ্যালয় সহায়ক আশীষ সাহা আৰু গাড়ী চালক গোপাল থাপাৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ ইতিমধ্যে নগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়টো নগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ কাৰ্য্যালয়লৈ স্থানান্তৰ কৰিছে প্ৰশাসনে ৷ গ্ৰামোন্নয়ন বিভাগৰ দুটা কোঠাত অস্থায়ীভাৱে চলিব জিলা স্বাস্থ্য বিভাগৰ কাম-কাজ । প্ৰশাসনে কাৰ্যালয়টো কন্টেইমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে আজি ছেনিটাইজ কৰি সৰ্বসাধাৰণৰ আহ-যাহ নিষিদ্ধ ঘোষণা কৰিছে।