নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত কংগ্ৰেছ কৰ্মী খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টাঃ দেবৌং দেতাক নদীত শ্ৰমদানেৰে বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ জোনাইত এতিয়া বানৰ বিভিশিষা৷ জোনাই সমষ্টিৰ অন্তৰ্গত চিগা গাওঁ পঞ্চায়তৰ চিংগাপুৰত দেবৌং দেতাগ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ নামিল পৰিল কংগ্ৰেছ কমিটি৷ দেতাক নদীৰ ব্যাপক ভাবে খহনীয়া হোৱাৰ হেতুকে চৰকাৰ প্ৰশাসনক বাদ নাচাই  কংগ্ৰেছ কৰ্মীৰ শ্ৰমদানেৰে সোমবাৰে মূর্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু মূর্কং চেলেক ব্লক যুৱ কংগ্ৰেছ, ধেমাজি জিলা যুৱ কংগ্ৰেছ, চিগা মণ্ডল কংগ্ৰেছ, চিগা  মণ্ডল যুৱ কংগ্ৰেছ ৰ সহযোগত চিগা গাঁও পঞ্চায়তৰ অন্তর্গত দেপি নদীৰ  গৰা খহনীয়া ৰোধ কৰাৰ উদ্দেশ্য নদী খনৰ গতি সলনি কৰিবৰ বাবে বাঁহেৰে পাৰ্কপাইন নিৰ্মান কৰে। লগতে উক্ত নদীৰ তাণ্ডৱত বিধস্ত  স্থানীয় গাওঁ বাসীৰ ঘৰ-বাৰী পুনৰ স্থাপনৰ বাবে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবছৰে সমগ্ৰ অঞ্চলটোত এই নদীখনে সৃষ্টি কৰা ধ্বংস লীলাৰ স্থায়ী সমাধানৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায় । আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে

মুৰ্কংচেলেক ব্লক  কংগ্ৰেছ  সভাপতি সঞ্জয় পেগু ,অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিজু পেগু, ৰাজীৱ পেগু , মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ সভাপতি হিতেশ পেগু ,  অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল পেগু অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য হেমহৰি প্ৰসন্ন পেগু , জিলা কমিটিৰ উপ সভাপতি বিজয় পেগু, হৰিনাথ পেগু , জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নিতু বৰগোহাঁই , সাধাৰণ সম্পাদক ডিম্বেশ্বৰ বৰা, লগতে স্থানীয় কংগ্ৰেছ কৰ্মী আৰু গাঁও বাসীৰ সক্ৰিয় অংশগ্ৰহনেৰে অনাগত দিন কেইটাতো ৰাইজৰ দুৰৱস্থা উপসম কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হ’ব।

You might also like