নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইতঃৰাষ্ট্ৰীয় ঘাইপথত গাড়ী ৰখাই লুট কৰি আহিছিল বহুদিন ধৰি

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ধেমাজি জিলা জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰী তাক দলঙৰ সমীপত আজি বহুদিনৰ পৰা গাড়ী ৰখাই লুট পাত কৰি সন্ত্ৰাস চলোৱা এদল ডকাইতৰ পৰা তিনি দুৰ্ধৰ্ষ ডকাইতক আজি জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আৰক্ষীয়ে জোনাইৰ লাইমেকুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন ক্ৰমে ক্ৰমে নৱ মিছং (২২) পিতা মিলেশ্বৰ মিছং, ধনেশ কুলি(২১) পিতা বিলাপচন কুলি, ৰঞ্জিত দলে (১৮) পিতা বন্দেশ্বৰ দলে৷ ইফালে ভোলানাথ মিলি নামৰ দুৰ্ধৰ্ষ ডকাইতো পলাতক অৱস্থাত আছে উল্লেখ্য যে ভোলানাথ মিলি নামৰ দুৰ্ধৰ্ষ ডকাইতোক আটক কৰিলেহে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত লুট পাত চলাই সন্ত্ৰাসত জড়িত প্ৰায় ১০-১৫ জনীয়া দলটোত কোন কোন জড়িত আছে তাক জানিব পৰা যাব ৷

উল্লেখযোগ্য যে যোৱা ১৮ জুলাই শনিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত এজন ব্যক্তিয়ে নিজা গাড়ীৰে জোনাইৰ পৰা লাইমেকুৰী ঘৰলৈ আহি থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুী টাক দলুঙৰ সমীত গছৰ ডাল পৰি থকা দেখি গাড়ীৰ পৰা নামি গছৰ ডালসমূহ আতঁৰাবলৈ যাওঁতে পিছপালৰ দা দেখুৱাই লুট কৰিব চেষ্টা চলাই। কিন্ত ব্যক্তি জনে কোনোমতে ডকাইতৰ দলটোৰ পৰা হাত সাৰি গাড়ীত উঠি পলাবলৈ লওঁতে দুৰ্ধৰ্ষ ডকাইতৰ ১০-১৫ জনীয়া এটা দলে ব্যক্তি জনৰ গাড়ীখন আক্ৰমণ কৰে। উক্ত ব্যক্তিজনে পিছদিনা জোনাইৰ আৰক্ষী থানাত ঘটনাৰ বিষয়ে এজাহাৰ দাখিল কৰাত জোনাই আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া ভীমকান্ত পেগুৰ নেতৃত্বত অভিযান চলাই আজি ৰাষ্ট্ৰীয় ঘাইপথৰ ডকাইতৰ দলটোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে ডকাইতৰ দলটোৰ বাকী কেইজন পলাতক অৱস্থাত আছে৷ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ডকাইতৰ দলটোৰ ভোলানাথ মিলি নামৰ যুৱকজন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাকী কেইজনা বিষয়ে জানিব পাৰিব বুলি স্থানীয় ৰাইজে জনাইছে৷ ইফালে জোনাই মাকুমা আৰক্ষী থানাত ডকাইত কেইজনৰ বিৰুদ্ধে পঞ্জীভুক্ত ৭০/২০ u/s ৩৯৪/৪২৭ আই পি চি নম্বৰ গোচৰ মৰ্মে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

You might also like