নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ দুলীয়াজান, টিংৰাই আৰু টেঙাখাটত আজিৰ দিনটোত মুঠ ৬ গৰাকীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে । দুলীয়াজান চি আৰ পি এফ কেম্পৰ জোৱান হৰিন্দৰ সিঙ ( ৩০) আৰু ধৰ্মেন্দ্ৰ কুমাৰ যাদৱ (৩০) ক’ভিড-১৯ ত আক্ৰান্ত ।
টেঙাখাট খণ্ডৰ চৰকাৰী স্বাস্হ্য বিভাগৰ সূত্ৰ অনুসৰি এই দুইগৰাকী জোৱান যোৱা ২৬ জুনত বহিঃৰাজ্যৰ পৰা আহি ১০ জুলাইলৈকে কেম্পত কোৱাৰেন্টাইন হৈ আছিল । জোৱান দুজন শাৰিৰীকভাৱে অসুস্হ হৈ পৰাত যোৱা ১৮ জুলাইত অসম মেডিকেল কলেজ হাস্পতালত দ্বিতীয়বাৰলৈ ছোৱাব প্ৰদান কৰা অনুসৰি পজিটিভ চিনাক্ত হয় ।
আনহাতে টিংৰাই অঞ্চলৰ ৰাজু দত্ত (৩৯), জ্যোৎস্না কুন্দু (৬২) আৰু দেবব্ৰত তাঁতি (২১) লগতে টেঙাখাটৰ লেংৰাই ৰাচি লাইনৰ সোণাৰাম কছাৰী ( ৪২) ক’ভিড-১৯ ত আক্ৰান্ত হৈছে । স্বাস্হ্য বিভাগে সদৰী কৰা তালিকা অনুসৰি জোৎস্না কুন্দু নামৰ মহিলা গৰাকীৰ শৰীৰত জ্বৰ-কাঁহৰ কোনো লক্ষণ ধৰা পৰা নাই ।
ইফালে টিংৰাই আৰু টেঙাখাটৰ ক’ভিড পজিটিভ ৰোগী চাৰিগৰাকীৰ ভ্ৰমণ বৃত্তান্ত নথকাত গণ সংক্ৰমণৰ আশংকা নুই কৰিব নোৱাৰি ।