নিয়মীয়া বাৰ্তা, ২২ জুলাই: চিৰাং জিলাৰ সদৰ মহকুমাৰ এখন শিক্ষানুষ্ঠানত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰ এটাৰ অস্বাস্থ্যকৰ তথা কদৰ্যময় পৰিৱেশে সচেতন ৰাইজৰ চকু কপালত তুলিছে । চিদলী থানাৰ অন্তৰ্গত কাশীকোত্ৰাস্থিত চিদলী-কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনে ট্ৰেনজিট কেম্প তথা কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰিছিল। বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ ঘূৰি অহা ছাত্ৰ-ছাত্ৰী, শ্ৰমিক-কৰ্মচাৰী, ৰোগী আৰু ভ্ৰমণকাৰী সকলক প্ৰথমতে ৰে’ল আস্থান,বাছ আস্থানৰ পৰা আনি উক্ত ট্ৰেনজিট কেম্পত ছোৱাব সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে। তাৰ পিছত তেওঁলোকক খাদ্য সামগ্ৰীও যোগান ধৰে। খদ্য গ্ৰহণৰ পাছত বহিঃৰাজ্যফেৰৎ লোকসকলক ট্ৰেনজিট কেম্পৰ পৰা ভাগে ভাগে গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয়। সদৰ মহকুমাৰ বাসিন্দা সকলৰ কিছু সংখ্যক লোকক এই শিক্ষানুষ্ঠানতে কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰে। চিদলী-কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ট্ৰেনজিট কেম্প তথা কোৱাৰেন্টাইন চেন্টাৰত আশ্ৰয় লৈ থকা লোক সকলে খাদ্য গ্ৰহণৰ পাছত পেলনীয়া সামগ্ৰী সমূহ শিক্ষানুষ্ঠান খনৰ চৌহদতে যিয়ে য’তে পায় ত’তে পেলোৱাৰ ফলত পৰিৱেশ বিনষ্ট হয়। খাদ্য যোগনীয়াৰ সকলেও তেওঁলোকৰ কাৰ্য সম্পাদন কৰাৰ পাছত আৱৰ্জনা সমূহ ঠাইতে এৰি যায়। এই শিবিৰত থকা লোক সকলৰ ব্যৱহৃত বিচনা, গাৰু আদি সামগ্ৰী য’তে ত’তে পেলাই ৰখা হৈছে । শিক্ষানুষ্ঠান খনৰ এই অস্বাস্থ্যকৰ তথা কদৰ্যময় পৰিৱেশ প্ৰত্যক্ষ কৰি চিৰাং জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী আৰু চিৰাং জিলা সমিতি আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে । খনিন্দ্ৰ বসুমতাৰীয়ে জিলা খনৰ শিক্ষানুষ্ঠান সমূহত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰ সমূহত গঢ়লৈ উঠা অস্বাস্থ্যকৰ তথা কদৰ্যময় পৰিৱেশ শীঘ্ৰে আতৰাই পূৰ্বৰ দৰে স্বাভাৱিক তথা স্বাস্থ্যকৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । আক্ৰাছুৰ জিলা সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে অঞ্চলটোৰ বিভিন্ন প্ৰকাৰৰ পোহনীয়া জীৱ-জন্তু শিক্ষানুষ্ঠানৰ চৌহদত বিচৰণ কৰি ফুৰে বাবে ক’ৰোনাৰ সামাজিক সংক্ৰমনৰ আশংকা প্ৰকাশ কৰিছে । প্ৰশাসনক অতি শীঘ্ৰে শিক্ষানুষ্ঠানৰ চৌহদত থকা পেলনীয়া সামগ্ৰী সমূহ আতৰাই নি অঞ্চলটোৰ বাসিন্দা সকলৰ মনত উদয় হোৱা শংকা দূৰ কৰাৰ লগতে পূৰ্বৰ দৰে স্বাভাৱিক তথা স্বাস্থ্যকৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে দাবী জনাইছে ।