নিয়মীয়া বাৰ্তা ২২ জুলাইঃ বিশ্বজুৰি চলি থকা কোভিদ ১৯সংক্ৰমণৰ সময়তে ৰাজ্যত ঘোষিত হোৱা কেবাটাও পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মেধাবী সন্তান সকলক লৈ নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰীৰ হুছেইন পৰিচালনা কৰা জনপ্ৰিয় অনুষ্ঠান ৰিয়েল হিৰো ত অংশ গ্ৰহণ কৰিছিল মৰিগাঁও ৰ জালুগুটিৰ টোকোনা বৰীৰ কৰ্কত আক্ৰান্ত মেধাবী ছাত্ৰ ৰিয়াজ আলিয়ে।
উল্লেখ্য কৰ্কট ৰোগাক্ৰান্ত পিতৃৰ সমান্তৰাল ভাৱে হঠাৎ নিজেও কৰ্কট ৰোগত আক্ৰান্ত হৈ পৰা ৰিয়াজে মনৰ প্ৰচণ্ড উদ্যমেৰে এইবাৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সফল কাহিনী ৰিয়েল হিৰো অনুষ্ঠান যুগে প্ৰত্যক্ষ কৰি মৰিগাঁও জিলাৰ কৰ্ম দক্ষ উপায়ুক্ত ঋতুৰাজ বৰাই ততমুহূৰ্ততে মুম্বাই স্থিত দ্বীপশিখা ফাউণ্ডেচন ৰ মুৰব্বী দেবাসীস শৰ্মাৰ সৈতে যোগাযোগ কৰিছিল আৰু তৎকালীন ভাবে তেওঁক বিছ হাজাৰ টকাৰ আৰ্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে আজি মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই ৰিয়াজ ৰ মাতৃৰ হাতত উক্ত ধন ৰ চেক প্ৰদান কৰে।