নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ফেচবুকত নিজৰ পৰিচয় গোপনে ৰাখি ভূৱা ফটো আৰু নিজকে দুলীয়াজানৰ অইলত চাকৰি কৰা বুলি চিনাকি দি মৰাণ ঢেমেচি ( ধেমেচি ) ৰ বগী দিহিঙীয়া নামৰ এগৰাকী ডেৰবছৰীয়া কন্যা সন্তানৰ মাতৃ পলুৱাই আনি অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ পৰকীয়া প্ৰমৰ যৱনিকা পৰিল সোণাৰি চাপৰি চাৰিআলিৰ এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী ৰাজদ্বীপ ( লক্ষী ) গগৈ ( ৩০)ৰ ৷ ঘটনাৰ বিৱৰণীৰ মতে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ঢোলপেটা গাওঁৰ উক্ত লোক জনে নিজকে অইলৰ চাকৰীয়াল বুলি ভূৱা পৰিচয়েৰে ফেচবুকৰ জৰিয়তে ডেৰ মাহৰ পূৰ্বে চিনাকি হয় মৰাণ ধেমেচি হালধিবাৰীৰ নুমল দিহিঙীয়াৰ পত্নী বগী দিহিঙীয়া ( ২২ ) ৰ লগত ৷
ডেৰমহীয়া ফেচবুক প্ৰেমৰ অন্তত যোৱ ২১ জুলাইত লকডাউনৰ মাজতে দুয়ো মিলিত হয় মৰাণ চাৰিআলিত ৷ তাৰে পৰাই বেংকলৈ বুলি ওলাই অহা বগীয়ে নিজৰ ডেৰবছৰীয়া কন্যা সন্তানৰ লগতে ৮ মহীয়া প্ৰেমৰ সম্পৰ্কৰে বান্ধ খোৱা স্বামীক এৰি পলাই আহে ভুৱা অইল কৰ্মচাৰী গৰাকীৰ লগত ৷ পিছে বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰেই আজি দুয়োকে সোণাৰি চাপৰি আৰক্ষীয়ে গেপ্তাৰ কৰি পৰিয়ালৰ সন্মতি সাপেক্ষে স্বাস্থ্য পৰীক্ষাৰ অন্তত নিজৰ পৰিয়ালক চমজি দিয়ে ৷ আনহাতে বগী দিহিঙীয়াক নিজ স্বামী নুমল দিহিঙীয়াৰ পৰিৱৰ্তে মাত্ পৰিয়ালে চমজি লোৱা বুলি জানিব পৰা গৈছে ৷ তদুপৰি বগী দিহিঙীয়াই প্ৰতাৰক ৰাজদ্বীপে নিজকে বংকৰ কৰ্মচাৰী বুলিহে পৰিচয় দিয়া বুলি জানিবলৈ দিয়ে যদিও ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷