নিয়মীয়া বাৰ্তা, ২২ জুলাই :দুলীয়াজান আৰু টিংৰাই অঞ্চলৰ দুজন যুৱকৰ দেহত ক’ভিড-১৯ ৰ সংক্ৰমণ ঘটিছে । সংক্ৰমিত যুৱক দুজন হৈছে টিংৰাই চাৰিআলিৰ ভূবন শৰ্মা (২৬) আৰু দুলীয়াজানৰ প্ৰসেনজিৎ দাস (২৫) । টিংৰাই অঞ্চলৰ ক’ভিড পজিটিভ ৰোগী ৰবি গোৱালাৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত দুইজনৰ ছোৱাব সংগ্ৰহ কৰা হৈছিল বুলি টেঙাখাট চৰকাৰী স্বাস্হ্য বিভাগে জানিবলৈ দিছে ।