নিয়মীয়া বাৰ্তা ২২ জুলাই : নগাওঁ আৰু শোনিতপুৰ জিলাৰ মাজৰ ২০ টা চৰ-চাপৰিৰ ৰাইজ বানৰ কৱলত পৰাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই চৰ-চাপৰিৰ বানাক্ৰান্ত ৰাইজক শীঘ্ৰে সাহাৰ্য্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জানিবলৈ দিয়ে যে সমগ্ৰ অসমৰ লগতে নগাওঁ আৰু শোনিতপুৰ জিলাৰ মাজৰ চৰ-চাপৰিত বানপানীয়ে বিস্তৰ ক্ষতিগ্ৰস্তৰ ফলত হাজাৰ হাজাৰ মানুহ ঘৰ-বাৰী এৰি মথাউৰি আৰু চৰত থকা কেইখন ওখ ভেটিত আশ্ৰয় লৈ আছে । বানত বিধ্বস্ত হৈ মানুহৰ লগতে পশুধনৰ জীৱনধাৰনত ব্যাঘাত জন্মিছে। হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট হৈছে। ফলতঃ কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। লাটিমাৰী চৰ, পূব লাটিমাৰী চৰ, বাঘেতাপু চৰ, গণেশ তাপু চৰ, আৰিমাৰী চৰ, শিয়ালে চৰ, গুলিৰপাৰ চৰ, আবেদা চৰকে ধৰি ২০ টাৰো অধিক চৰ বানৰ কৱলত পৰিছে। পৰিষদে অভিযোগ কৰা মতে- এই চৰ সমূহত হাজাৰ হাজাৰ দৰিদ্ৰ কৃষকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন অতিবাহিত কৰি আহিছে । কিন্তু বছৰে বছৰে বানপানীৰ সময়ত চৰকাৰী সাহায্যতো দূৰৰ কথা চৰকাৰী পক্ষৰ কোনো এজন বিষয়া উক্ত চৰ অঞ্চল সমূহত পৰিভ্ৰমণ কৰা নাই। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক আবু বক্কৰ ছিদ্দিকৰ নেত্বতত এটি সজাতি দলে শোনিতপুৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি চৰ চাপৰিৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ লগতে বানাক্ৰান্ত লোকক শীঘ্ৰে সাহাৰ্য্য প্ৰদান কৰা, বিশুদ্ধ খোৱা পানী যোগান ধৰা, বানপানীত মৃত্যু হোৱা লোকক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত শোণিতপুৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ প্ৰদানৰ সময়ত পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জামাল হক, শোণিতপুৰ জিলা সমিতিৰ উপসভাপতি মইনুল হক, সম্পাদক জিয়াবুৰ ৰাহমানে অংশগ্ৰহণ কৰে। পৰিষদৰ সদস্য সকলে চৰৰ বানাক্ৰান্ত অঞ্চল পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়।